
newsnextone.com | ডিজিটেল ডেস্কঃ শাসনাধিষ্ঠিত বিজেপি সোণোৱাল চৰকাৰখনে বিগত বৰ্ষৰ দৰে এই বছৰ অসমবাসীক প্ৰলংয়ংকাৰী বাণে জুৰুলা নকৰে বুলি আশ্বাস দিছিল৷ জলসম্পদ মন্ত্ৰী কেশব মহন্তইও বানে যাতে নৈপৰীয়া ৰাইজৰ ভেটি উচন কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্যৰ সকলোবোৰ চিগা মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা বলি ফিতাহি মাৰিলেও শেষত সকলো ফুটুকাৰ ফেন হৈ পৰা পৰিলক্ষিত হৈছে৷
ভৰ বাৰিষা আহি চোতাল নগৰকাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে নৈ পৰীয়া ৰাইজৰ বুকুৰ পৰা চৰকাখনৰ প্ৰতি থকা বিশ্বাসৰ আঁচলখন খহাবলৈ উদ্যত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাখ লাখ টকা খৰছ কৰি চৰকাৰে বান্ধি দিয়া মথাউৰি চিঙি বাৰিষাৰ প্ৰথমটো পানীৰ সোততে বুৰ গৈছে কেইবাখনো গাঁও৷ মাত্ৰ দুটা দিনৰ বৰষুণৰ পিছত নৈৰ বাঢ়নী পানীয়ে ঠায়ে ঠায়ে সন্ত্ৰাস সৃষ্টি কৰাত ৰাইজে দিক হেৰুৱাইছে৷
ভৰ বাৰিষাৰ দুৰ্যোগৰ আংশকাত নৈ পৰীয়া ৰাইজে টঙালিখন কঁকালত টানকৈ বান্ধি ল’ব নৌপাওঁতেই বাৰিষাই কঁকাল বেঁকা কৰিছে ৰাজ্যবাসীৰ৷ বাৰিষাৰ প্ৰথমটো বানতেই বুৰ গৈছে ৰাজ্যখনৰ ৭ খনকৈ জিলা৷ ৰাজ্যখনৰ প্ৰায় ৪ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ইতিমধ্যে ৩ জন লোকৰ প্ৰাণ হৰিছে বানে৷
ৰাজ্যখনৰ হোজাই, পূৱ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলাত বানে কেইবাটাও নৱ নিৰ্মিত মথাউৰি চিঙি সংহাৰী ৰূপ ধাৰণ কৰিছে৷ আনহাতে হাইলাকান্দিতেই সকলোতকৈ বেছি বানে ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে৷ জিলাখনৰ প্ৰায় ২.৬ লাখ লোক বানৰ কবলত পৰিছে৷
আনহাতে প্ৰলয়ংকাৰী বানৰ পৰা বানাক্ৰান্তক উদ্ধাৰ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগেত ১৭৮ টা সাহায্য শিৱিৰ স্থাপন কৰিছে৷ বানাক্ৰান্ত জিলাসমূহত বানে কেইবাটাও পথ চিঙি নিয়াত কেইবাটাও অঞ্চলৰ যোগাযোগ ব্যৱস্থা ব্যহত হৈ পৰে৷
ৰাজ্যখনৰ চৰকাৰী সমীক্ষা অনুসৰি ৰাজ্যখনৰ ৬৬৮ খন গাঁও এতিয়াও পানীত বুৰ গৈ আছে৷ তদুপৰি ১,৯১২ হেক্টক কৃষিভূমি বানে ক্ষতিসাধন কৰিছে৷ আনহাতে প্ৰতি মূহুৰ্ততে কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাত পৰৱৰ্তী সময়ত বানে আৰু অধিক সংহাৰী ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে৷