photo credit atowar
photo credit atowar

newsnextone.com | হাজোঃ সোণগুটি চপাব নাপালে কামৰূপ গ্ৰাম্য জিলাৰ বৃহত্তৰ হাজোৰ কৃষকসকলে৷ মুৰৰ ঘাম মাটিত পেলাই কৃষকসকলে পথাৰত কঠীয়া ৰুই সপোন দেখিছিল সোণগুটি চপোৱাৰ৷ পথাৰত গেৰ ধৰা ধান পকিছে যদিও সোণগুটি নহয় পতান হে ওলাইছে৷ মুঠৰ ওপৰত কপালৰ ঘাম মাটিত পেলাই খেতি কৰা কৃষক বিপদত পৰি হাহকাৰ কৰিব লগীয়া হৈছে৷ 

ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কৃষকক যোগান ধৰা বড়ো ধানৰ বীজেৰে খেতি কৰি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে দৰিদ্ৰ কৃষকে৷ সৰ্বশ্ৰান্ত হোৱা কৃষকে এতিয়া পথাৰত মূৰে কপালে হাত দি খেতি ডৰাত পিনে চাই চকুলো টুকিব লগা হৈছে৷ কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভিত কৃষকে শীঘ্ৰে কৃষকৰ ওচৰলৈ আহি ক্ষতিপূৰণ ঘোষণা কৰাৰ দাবী জনাইছিল৷

কৃষকে আন্দোলন কৰাৰ পূৰ্বেই ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই দেওবাৰে হাজোত উপস্থিত হৈ কৃষি পথাৰ ভ্ৰমণ কৰে৷ ইমানে নহয় কৃষকসকলৰ ক্ষতিগ্ৰস্ত পথাৰত উপস্থিত হৈ ধান খেতি পৰিদৰ্শন কৰে। স্থানীয় ৰাইজৰ ক্ষোভৰ সন্মুখীন হ’ব লগা মন্ত্ৰীগৰাকীয়ে৷ স্থানীয় কৃষকে চৰকাৰী বীজেৰে খেতি কৰি ক্ষতিৰ সন্মুখীন হোৱাত ক্ষোভ জাহিৰ কৰে৷ মন্ত্ৰীগৰাকীয়ে উচ্চপদস্থ কৃষি বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ তদন্ত ঘোষণা কৰে৷ 

কৃষি বিভাগৰ সচিব বিনোদ চেছানক তদন্ত কৰাৰ দায়িত্ব দি দোষী বিষয়া আৰু বীজ যোগান ধৰা প্ৰতিষ্ঠানে উচিত শাস্তি পাব বুলিও কৃষকক আশ্বাস দিয়ে মন্ত্ৰীজনে। পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বিগত আঢ়ৈবছৰীয়া কাৰ্যকালত কি পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে তাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে কামৰূপৰ হাজোত কৃষকলৈ নামি আহিছে দুৰ্দিন৷ কিয়নো হাজোৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ কৃষকে বড়োধানৰ খেতি কৰি মূৰে কপালে হাত দিব লগা হৈছে৷ 

গেঁৰ ধৰি ধান কাটিবৰ হ’ল যদিও ঠোকত ফল ধৰা দেখা নাপালে কৃষকে৷ কৃষকে ধানৰ পৰিবৰ্তে পতান হোৱাৰ কথা newsnextone.comক অৱগত কৰে৷ বান পানীৰ পিছতে শৰাঙে কোঙা কৰা খেতিয়কসকলে মাধমাৰ শোধালে চৰকাৰৰ বীজে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী বীজত পতান ওলোৱাৰ বাতৰি প্ৰকাশ হৈ থকাৰ সময়তে এইবাৰ অচিন বিপদে লগ দিছে কৃষকক। চৰকাৰী ধানৰ বীজেৰে কৰা খেতিত দেখা দিছে এক অচিন ৰোগ।