
newsnextone.com | মঙলদৈঃ আদিম যুগৰ শাস্তি বিহিলে এগৰাকী মহিলাক৷ ঘৰৰ পৰা চুলিত ধৰি উলিয়াই আনি ৰাজপথত ঘুৰাই শাস্তি বিহিলে মহিলাগৰাকীক৷ পৰপুৰুষৰ সৈতে অনৈতিক সম্পৰ্ক গঢ়াৰ অভিযোগ উত্থাপন কৰি মহিলাগৰাকীক আদিম যুগৰ শাস্তি বিহা হ’য়৷
আদিমযুগ হেনো ৰক্তপিপাসু লোকৰে ভৰি আছিল৷ মানুহবোৰ হেনো স্বেচ্ছাচাৰী আছিল৷ আদিম যুগৰ কথাবোৰ সাধু কথাৰ দৰেই লাগে৷ কিন্তু আজিও বিয়াগোম প্ৰশাসন-আৰক্ষী থকাৰ পিছতো অভিযোগ প্ৰশাসন-আৰক্ষীক দিয়াৰ পৰিৱৰ্তে নিজেই অপৰাধীৰ বিচাৰ কৰা হয়৷ তেন্তে মধ্যযুগ আৰু এতিয়াৰ সময়ৰ মাজত প্ৰাৰ্থক্য থাকিল কি৷
এখন চৰকাৰ, বিয়াগোম প্ৰশাসন, আদালত, আইন এইবোৰৰ বা প্ৰয়োজন ক’ত৷ মানুহে যদি সমাজখনক অসুস্থ, বিশৃংখল কৰি নিজে আইন হাতত তুলি লয় তেন্তে গণতন্ত্ৰৰ প্ৰয়োজন কিহৰ? এনে প্ৰশ্ন আকৌ এবাৰ উত্থাপন হৈছে৷ একাংশ মহিলাই সমবেত হৈ এগৰাকী মহিলাক বৰ্বৰ ভাৱে শাস্তি বিহাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে এনে বহু প্ৰশ্নই উত্থাপন হৈছে৷
ৰক্তপিপাসু, নৰহত্যাকাৰী বুলি আদিম যুগৰ মানুহক প্ৰতিদিনে উদাহৰণ দিয়াৰ নৈতিক অধিকাৰ নাই আধুনিক যুগৰ মানুহৰ৷ কিয়নো সমাজ খনত আদিম যুগৰ, মধ্যযুগৰ সেই ভয়াবহ সময়তকৈও ভয়াবহ কাণ্ড সংঘটিত হ’ব ধৰিছে৷ নিতৌ হত্যা, ধৰ্ষণ, যৌন নিৰ্যাতন সংঘটিত হৈ আহিছে৷
কিন্তু আকৌ এবাৰ সীমা অতিক্ৰম কৰিলে সভ্য সমাজে৷ দিনৰ পোহৰতে এগৰাকী মহিলাক ঘৰৰ ভিতৰৰ পৰা চুলিত ধৰি উলিয়াই আনি ৰাজপথত শাস্তি বিহিলে৷
মাথো কিছুদিন পূৰ্বে একাংশ লোকে আইন হাতত তুলি লৈ দুগৰাকী নিৰীহ অসমীয়া যুৱকক বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ দিনৰ পোহৰতে আইন হাতত তুলি ললে একাংশ মহিলাই৷
কাৰ্বি আংলঙৰ ডকমকাত সোপাধৰাৰ সোপাধৰাৰ সন্দেহত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক নৃসংশভাৱে হত্যা কৰা ঘটনাক সমাজৰ সৰ্বপ্ৰকাৰৰ লোকে নিন্দা কৰাৰ সময়তে এগৰাকী ৪ সন্তানৰ মাতৃক শাস্তি বিহাৰ কাণ্ডই আকৌ এবাৰ মানৱতাক ভূলুণ্ঠিত কৰিলে৷
এগৰাকী চাৰি সন্তানৰ মাতৃক পৰ পুৰুষৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি বহু মহিলাই উত্তম মধ্যম শোধায়৷ দৰং জিলাৰ ডাহী নগাঁৱৰ পূৰ্ণ ডেকা নামৰ লোকগৰাকীৰ পত্নীক আন যুৱকৰ সৈতে পলাই যোৱাৰ সন্দেহ কৰে ৰাইজে৷
অভিযোগ মতে মহিলাগৰাকীয়ে বাৰে বাৰে পলাই গৈ আকৌ ঘৰলৈ উভতি আহে৷ ফলত গাঁৱৰ মহিলাসকলে উত্তেজিত হৈ ৰাজহুৱা শাস্তি প্ৰদান কৰাৰ বাবে তেওঁৰ ঘৰত উপস্থিত হয়৷ প্ৰায় দুই শতাধিক মহিলাই মহিলাগৰাকীক ঘৰৰ পৰাই চিঞৰ-বাখৰ কৰি উলিয়াই আনে৷ ৰাজপথত ঘুৰাই মাৰধৰ কৰে৷ ঘটনাই পুনৰ প্ৰমাণ কৰিলে ৰাজ্যত একাংশ লোকে আইন হাতত তুলি লবলৈ কুণ্ঠাবোধ নকৰে৷
মহিলাগৰাকীক ভবিষ্যতে এনে কাৰ্যত লিপ্ত নহবলৈ সকীয়াই দিয়ে৷ জনাৰাম চৌকা নামৰ ঠাইলৈ আনি মহিলাগৰাকীক মহিলাসকলে তৰ্জন গৰ্জন কৰি টনা-আজোৰা কৰে। যদি মহিলাগৰাকীয়ে কোনো অপৰাধ কৰিছে তেন্তে ওচৰৰ আৰক্ষী থানাত এখন এজাহাৰ দিয়াৰ প্ৰয়োজন আছিল যদিও ৰাজহুৱা স্থানত মহিলাগৰাকীক শাস্তি প্ৰদান কৰাটো যুক্তিসংগত নে বুলি একাংশ লোকে প্ৰশ্ন উত্থাপন কৰে৷
আন পুৰুষৰ সৈতে সম্পৰ্ক থকাৰ প্ৰমাণ পোৱা নাই যদিও পুনৰ তেনে কাম নকৰক বুলিহে এনে শাস্তি দিয়া বুলি কব খোজে মহিলাসকলে৷
সোমবাৰে সংঘটিত এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলিত মঙলদৈ আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে৷ এই কাণ্ডই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশ লোকে এই ঘটনাৰ উচিত তদন্ত কৰি আইন হাতত তুলি লৈ আদালতৰ ভূমিকা লোৱা মহিলাসকলৰ বিৰুদ্ধে উচিত শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে৷