newsnextone.com | মঙলদৈঃ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আঞ্চলিক সমিতি সমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মঙলবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ উজনি-নামনিৰ প্ৰতিখন জিলাত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক এই বিধেয়ক বাতিল কৰিবলৈ দাবী জনায়৷ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, মহকুমা সদৰত আছুৱে গণ সমদল কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্যৰ ৰাজপথ উত্তাল কৰি তোলে৷

জাতি, মাটি, ভেটিৰ কথা কৈ কেন্দ্ৰ আৰু আৰু ৰাজ্যত শাসন লৈ অহা চৰকাৰ খনে খিলঞ্জীয়া অসমীয়াৰ আবেগৰ লসৈতে খেলা কৰা বুলি কয় আছুৱে৷ অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি, কলা সাহিত্যৰ লগতে ৮৫৫ জন শ্বহীদক অপমান কৰি অসমীয়া জাতিক সংকটত পেলাই বিদেশীৰ বোজা অসমত জাপি দিব বিচৰা বুলি ক্ষোভ উজাৰে আছুৱে৷

বিতৰ্কিত বিধেয়ক খনৰ বিৰোদ্ধে শ্ল’গান দি সমগ্ৰ অসমৰ আকাশ বতাহ কঁপাই তোলে আছুৱে। আনহাতে দৰং জিলাত আছুৰ কাৰ্যসূচীত অংশ লৈ এগৰাকী বৃদ্ধই সৰ্বানন্দ সোণোৱালক আহ্বান জনাই আমি বৃদ্ধ মানুহ হিচাপে এই আবেদন আপোনাক জনাইছোঁ বুলি কৈ জাতীয় নায়ক মহোদয় ৰাইজৰ দাবীক অৱহেলা নকৰিব বুলি কয়৷ আপুনি জাতীয় নায়ক৷ যদি আপুনি চৰকাৰত থাকি প্ৰতিবাদ কৰিব পৰা নাই তেন্তে আপুনি বাহিৰলৈ ওলাই আহক৷ ৰাইজৰ সৈতে থাকি প্ৰতিবাদ সাব্যস্ত কৰক৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই আহ্বান জনাইছে দৰঙৰ জ্যেষ্ঠ নাগৰিক গৰাকীয়ে৷

দৰং জিলতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ মহিলাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু দলংঘাট শাখা ছাত্ৰ সন্থাই যৌথভাৱে গণ প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়ক বাতিল কৰিবলৈ চৰকাৰক সকীয়াই দিয়ে৷

অসম আৰু অসমীয়া জাতি বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দলংঘাটৰ ৰাজপথলৈ উত্তাল কৰে ছাত্ৰ সন্থাৰ কৰ্মীৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে৷

NNO অভয়াপুৰীঃ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীক আন্দোলনৰ নামত ৰাজপথত নমাৰ ক্ষেত্ৰত বাধা প্ৰদানেৰে চৰকাৰে নতুন আইন প্ৰবৰ্তন কৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰি অসমীয়াৰ জনস্বাৰ্থ মষিমূৰ কৰাৰ বিৰুদ্ধেও গৰজি উঠিছে ৰাজ্যবাসী৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ লহৰ বৈ থকাৰ সময়তে অভয়াপুৰীৰ সমীপবৰ্তী উত্তৰ শালমাৰাত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ শালমাৰা আঞ্চলিক সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। 

আছুৰ উত্তৰ শালমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত লগতে স্থানীয় ৰাইজৰ সহযোগত মঙলবাৰে হাতে হাতে প্লে’কাৰ্ড লৈ উত্তৰ শালমাৰা চিলাৰায় জাতীয় বিদ্যালয়ৰ পৰা উত্তৰ শালমাৰা চ’কলৈ সমদল কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। 

কাৰ্যসূচীত অংশগ্ৰহণ কৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক’, ‘বিজেপি চৰকাৰ গ বেক’ আদি বিভিন্ন শ্ল’গানেৰে উত্তৰ শালমাৰা উত্তাল কৰি তোলে। 

চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীক আন্দোলনত প্ৰয়োগ কৰিব নোৱাৰিব বুলি চৰকাৰে প্ৰণয়ন কৰা আইনখনৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ শালমাৰা আঞ্চলিক সমিতিয়ে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা জনাই মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক অঞ্জন কলিতাই চৰকাৰৰ এই সিদ্ধান্তক কঠোৰ ভাৱে সমালোচনা কৰি কয় যে অসমৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত আছুৰ নেতৃত্বত শিক্ষাৰ্থী ৰাজপথত নামিবই। চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈও সকিয়াই দিয়ে আছু নেতাগৰাকীয়ে৷