
newsnextone.com | মঙলদৈঃ এগৰাকী নিৰীহ থলুৱা যুৱকক মাৰধৰ কৰি সেই ভিডিঅ’ ছচিয়েল মিডিয়াত এৰি দিয়া পংকজ হাজৰিকাক দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ওদালগুৰি জিলাৰ কালাইগাঁৱত আৰক্ষীয়ে অভিযান চলাই পংকজ হাজৰিকাক গ্ৰেপ্তাৰ কৰে। ওদালগুৰি জিলাৰ কলাইগাঁও মৰেল পুলিচ কাণ্ডৰ সৈতে জড়িত আছিল পংকজ হাজৰিকাই৷ এচাম মৰেল পুলিচৰ হাতত এজন যুৱক প্ৰহৃত হোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ সেই ভিডিঅ’ত দেখা গৈছিল পংকজ হাজৰিকাক৷
জানিব পৰা মতে, ওদালগুৰি জিলাত এচাম মৰেল পুলিচৰ হাতত এজন যুৱক প্ৰহৃত হোৱাৰ ভিডিঅ’ যোৱা কেইবাটাও দিন ধৰি ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত৷ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে পুনৰ এবাৰ মানুহৰ মাজত লুকাই থকা অমানুহৰ মুখাখন খোল খাই পৰা পৰিলক্ষিত হৈছে৷ এজন যুৱকক বান্ধি চৰ, ভুকু, কিল, গোৰ শোধাই অমানুষিক অত্যাচাৰ চলোৱা ঘটনাই পুনৰ এবাৰ চিন্তাৰ উদ্বেগ কৰিছে যে আধুনিকতাই মানুহক পশুতকৈ নীচ কৰি তুলিছে নেকি?
এই ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ কলািগাঁৱত৷ গৌৰীপুৰৰ বিজয় ৰায় নামৰ ২৩ বছৰীয়া যুৱকজনে কিবা কামত কলাইগাঁৱৰ এখন গাঁৱলৈ গৈছিল৷ কিন্তু তাতেই একাংশ উদণ্ড লোকে যুৱকজনক আবদ্ধ কৰে আৰু যুৱকজনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি গণ প্ৰহাৰ কৰে৷
যুৱকজনক অসমীয়া হয়নে নাই, এনআৰচিত নাম আছেনে নাই আদি বিভিন্ন স্পৰ্শকাতৰ প্ৰশ্ন সুধি প্ৰহাৰ কৰা ভাইৰেল ভিডিঅ’টোত প্ৰত্যক্ষ হৈছে৷ যুৱকজনক উদণ্ড লোকসকলে প্ৰহাৰ কৰি থকাৰ ভিডিঅ’টো ছচিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰাৰ পিছতে এই কাণ্ডৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠে৷
আনহাতে, যুৱকজনে নিজকে কোচ ৰাজবংশী জাতিৰ বুলি চিনাকি দিয়াৰ পিছতো যুৱকজনৰ ওপৰত মৰেল পুলিচগিৰি চলোৱা কাৰ্যত ক্ষোভ প্ৰদৰ্শন কৰিছে বিভিন্ন কোচ-ৰাজবংশী দল-সংগঠনে৷ কোচ ৰাজ পৰিয়াল সংগঠনে যুৱকজনক প্ৰহাৰ কৰা কাণ্ডত জড়িত লোকসকল আটক কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাই সংগঠনৰ হৈ সম্পাদক প্ৰণৱ নাৰায়ণ দেৱে মঙলদৈ থানাত এখন এজাহাৰ দাখিল কৰে৷
ঘটনাৰ সৈতে জড়িত কলাইগাঁৱৰ আদৰ্শ গাঁৱৰ বাসিন্দা পংকজ হাজৰিকাক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ এজন নিৰ্দোষী যুৱকক বিনা কাৰণত বান্ধি লৈ প্ৰহাৰ কৰা ঘটনাক বিভিন্নজনে গৰিহণা দি দোষীক আটক কৰিবলৈ দাবী জনায়৷
কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত দুজন অসমীয়া যুৱকক এচাম দুস্কৃতিকাৰীয়ে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাই সকলো অসমীয়াৰ হৃদয়ত গভীৰ শোক দি থৈ গ’ল৷ এই ঘটনাই মানুহৰ মাজত যে এচাম অমানুহ আছে, সেয়াই প্ৰমাণ কৰিলে৷ ‘মই অসমীয়া’ বুলি চিঞৰি থকাৰ পিছতো এচাম অমানুহে নিৰ্মম ভাৱে প্ৰহাৰ কৰি দুজন চফল যুৱকক হত্যা কৰিছিল৷ যি ঘটনাই আজিও প্ৰতিজন হৃদয়বান লোকৰ চকুৰে অশ্ৰু নিগৰাই আছে৷ নীল-অভিৰ মৃত্যুৰ শোক পাহৰিবলৈ সক্ষম নৌহওতেই পুনৰ এনে ঘটনা সংগটিত হোৱাৰ ৰাইজ চিন্তিত হৈ পৰে৷