
newsnextone.com | খেৰণিঃ বুধবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ডংকামোকামত কাৰ্বি আংলং বিজেপিৰ বিকাশ উৎসৱ অনুষ্ঠান অনুষ্ঠিত কৰে। পাহাৰীয়া জিলাখনত ইতিমধ্যে উদ্ধোধন কৰা, আধাৰশিলা স্থাপন কৰা বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ জয়গান গাবলৈ অনুষ্ঠিত কৰা বিকাশ উৎসৱৰ মুকলি সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপস্থিত থাকে৷
পশ্চিম কাৰ্বি আংলং জিলাৰ ৯ পৰিষদীয় সমষ্টিক সামৰি অনুষ্ঠিত কৰা বিকাশ উৎসৱত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰদান কৰি
কাৰ্বি আংলঙৰ সর্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবেহে কাৰ্বি আংলঙত ৰাজনীতি কৰিছোঁ বুলি কয়৷ কাৰ্বি আংলঙৰ বিজেপিয়ে কাৰোবাৰ বিৰুদ্ধে অপপ্ৰচাৰ অথবা সমালোচনা কৰিবলৈ ৰাজনীতি কৰা নাই বুলিও কয়৷
স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত পাহাৰবাসীক বিজেপি দলে যি প্ৰতিশ্ৰুতি দিছিল তাক এতিয়া আখৰে আখৰে পালন কৰি ৰাইজৰ স্বাৰ্থ পূৰণ কৰাৰ লগতে সমস্যা দূৰ কৰিছে বুলি দাবী কৰে ৰংহাঙে। উৎসৱৰ জৰিয়তে সমগ্ৰ পশ্চিম কাৰ্বি আংলং তথা ৯টা কাৰ্বি পৰিষদীয় সমষ্টিত কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু পৰিষদীে ইতিমধ্যে সম্পূৰ্ণ কৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, প্ৰধানমন্ত্ৰী আবাস যোজনা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধীনত নিৰ্মাণ কৰা পথ, বজাৰ গৃহ নিৰ্মাণ, মুকলি মঞ্চ, ক্ৰীড়া প্ৰকল্প, বিদ্যালয় গৃহ, বিশুদ্ধ খোৱা পানী আঁচনি, জলসিঞ্চন ব্যৱস্থা, চিকিৎসালয় স্থাপন আদিৰ খতিয়ান দাঙি ধৰে৷
বিৰোধীৰ কোনো কথাতে পতিয়ন নাযায় পূৰ্বৰ দৰে বিজেপি দলৰ প্ৰতি পাহাৰবাসীৰ সহযোগ কামনা কৰি আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰাই আনিব লাগিব বুলি কয় মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। প্রাক্তন কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বেয়ে এতিয়াৰে পৰা কাৰ্বি আংলঙত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আৰ টি আই কৰ্মীৰ তথ্য বিচৰাৰ প্ৰয়োজন নাই বুলি কয়।
বিজেপি চৰকাৰে পাহাৰীয়া জিলাখনত ক'ত, কি আৰু কিমান চৰকাৰী আঁচনি ৰূপায়ন কৰিছে তাক বিকাশ উৎসৱৰ যোগেদি সম্পূৰ্ণৰূপে দাঙি ধৰিছে বুলি মন্তব্য আগবঢ়ায় হৰেনছিঙে। বিকাশ উৎসৱ আৰু উৎসৱৰ মুকলি সভাত বৈঠালাংছ বিধানসভা সমষ্টিৰ বিধায়ক ডা০ মানছিং ৰংপি, কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যৰ লগতে পৰিষদৰ সচিব উপস্থিত থাকে।