
newsnextone.com | জাজৰিঃ শিশুৰ বৌদ্ধিক, মানসিক বিকাশৰ ক্ষেত্রত বিভিন্ন মনোৰঞ্জনধৰ্মী লেখাৰে ৭০ দশকৰ পৰা অসমৰ জনপ্ৰিয় কাকত আলোচনীত এক পৰিচিত নাম হৈছে ত্রৈলোক্য ভট্টাচাৰ্য৷ বিভিন্ন কাকত, আলোচনীত ধাৰাবাহিক ভাৱে গল্প, কবিতা আদি লেখাৰে জনপ্ৰিয়তা লাভ কৰা শিশু সাহিত্যিক নগাঁও হাতীচোং মৌজাৰ বাহ্মণগাঁও নিৱাসী ত্রৈলোক্য ভট্টাচাৰ্য অসমৰ বৌদ্ধিক তথা সাহিত্য জগতত নপূৰ মোমাইদেউ হিচাবেহে পৰিচিত৷ মঙলবাৰে শিশু সাহিত্যিকগৰাকীয়ে ৬৭টা বসন্ত পাৰ কৰে৷
সাহিত্যিক গৰাকীৰ ওপজা দিনত নগাঁও জিলা কবি সন্মিলন আৰু সোনাই পৰীয়া কবি সন্মিলনে শিশু তেখেতৰ বাহ্মণগাঁও স্থিত বাসগৃহত এক অনুষ্ঠানৰ আয়োজন কৰে। ৰৌদ্ৰোজ্বল আবেলিত দুৱৰিৰ দলিছা আৰু বিভিন্ন সুগন্ধি ফুলৰ মাজত শিশু সাহিত্যিক গৰাকীক আদৰণি বস্ত্র, গ্ৰন্থ, কলম আৰু এটি বৃক্ষৰ পুলিৰে ওপজা দিনৰ ওলগ জনোৱা হয়৷ ইফালে শিশু সাহিত্যিক ত্রৈলোক্য ভট্টাচাৰ্যই আজিও সাহিত্যিক পেঞ্চন নোপোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে উপস্থিতসকলে।
নগাঁও কবি সন্মিলনৰ সম্পাদক মন্টুমনি বৰাই আঁত ধৰা মনোজ্ঞ অনুষ্ঠানত জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে কয়, ‘শিশুৰ কোমল মনক বুজি পোৱা, শিশুক বৌদ্ধিক আৰু মানসিক ভাৱে মনোৰঞ্জনমূলক লেখাৰে উৎসাহ যোগাই অহা নপূৰ মোমাইদেউৱে সাহিত্যৰ জগতখনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগৱঢ়াই আহিছে। প্ৰচাৰ বিমূখ এইগৰাকী সাহিত্যিকক অতি সোনকালে ৰাজ্য চৰকাৰে সাহিত্যিক পেঞ্চন আগবঢ়াব লাগে।’
শব্দ আৰু সুৰেৰে জীপাল হোৱা আবেলিটোত শিল্পী পৰাণ দাসৰ বাঁহী বাদন কৰাৰ লগতে সোনাইপৰীয়া কবি সন্মিলনৰ সভাপতি দীপজ্যোতি বৰা, সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী, কবি দুৰ্গেশ্বৰ বৰকটকী, কবি ৰূপম কুমাৰ শৰ্মা, কবি মদাৰজ্যোতি আৰু শিশু কবি পূন্যাশা পুনম চৌধুৰীয়ে কবিতা পাঠেৰে পৰিৱেশটো জীপাল কৰি তোলে৷