গুৱাহাটীঃ কথাৰেই নহয়, হাতে-কামেও কৰি দেখুৱাবলৈ উঠিপৰি লাগিছ শিক্ষামন্ত্ৰী  ড° হিমন্ত বিশ্ব শৰ্মা।সোমবাৰে কটন কলেজ ৰ পৰ্যালোচনা বৈঠকত একাধিক নতুন ঘোষণা কৰাৰ পিছত আজি 
২১খন জিলাৰ ৩৬৮ গৰাকী অধ্যক্ষক একেলগে নিযুক্তি প্ৰদান কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

শংকৰদেৱ কলাক্ষত্ৰত  আয়োজিত এক বিশেষ অনুষ্ঠানত শিক্ষা বিভাগৰ হৈ মন্ত্ৰীগৰাকীয়ে নিযুক্তি পত্ৰসমূহ প্ৰদান কৰে। নিযুক্তি পত্ৰ প্ৰদানৰ অন্তত মন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগে গ্ৰহণ কৰা বিভিন্ন পৰিকল্পনা সমূহৰ বিষয়ে সদৰী কৰে।

অনুষ্ঠানটোত ১৬৪গৰাকী সংস্কৃত, ৩৪৪ গৰাকী হিন্দী আৰু ১১০ গৰাকী আৰৱী শিক্ষককো নিযুক্তি পত্ৰ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ মাজতে তেও শিক্ষকসকলক সলনি হ'বলৈকো পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে বহু শিক্ষকে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম নাজানে, কিন্তু সংগঠন গঠন কৰি অৰিয়াঅৰিত ৰাজনীতিবিদকো চেৰ পেলায়।

শিক্ষক সমজাৰ মাজত চলি থকা এনে ৰাজনীতিৰ শীঘ্ৰেই অৱসান হ'ব লাগিব বুলি উল্লেখ কৰি সম্পূৰ্ণ মেধাৰ ভিত্তিত মহাবিদ্যালয়সমূহত খালী হৈ থকা বিভিন্ন পদসমূহৰ বাবে অহা ১৫ মে'ৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ কৰি ৩০ মে'ৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অধ্যক্ষসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

অনুষ্ঠানটোত সোমবাৰৰ  বৈঠকৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে শিক্ষাবিভাগে হাতত ল'বলগীয়া একাধিক নতুন পদক্ষেপৰ বিষয়ে সদৰী কৰে। আজিৰ নিযুক্তি পত্ৰ প্ৰদানৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেন্দ চান্দ জৈন, প্ৰীতম শইকীয়া, উচ্চ শিক্ষা সঞ্চালকালয়ৰ সচিব কৃষ্ণা বৰগোহাই, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাই আৰু মাধ্যমিক শিক্ষাৰ সচিব খনীন্দ্ৰ জিলোং।