
newsnextone.com | হাইলাকান্দিঃ ৰাজ্য চৰকাৰে পূৰ্বে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই বানৰ পিছতে হাইলাকান্দি জিলাত ভয়াবহ ৰূপ ধাৰণ কৰিছে নৈৰ গৰাখহনীয়াই৷ চৰকাৰ খনে যোৱা ২৫ মাহত কোনো ধৰণৰ পৰিকল্পনা গ্ৰহণ নকৰাৰ ফলতেই হাইলাকান্দি জিলাৰ কাটলিছৰা সমষ্টিত অসম-মিজোৰাম সীমান্তৰ ব্যাপক ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই৷ ইতিমধ্যে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ নৈতে জাহ গৈছে ধলেশ্বৰী নৈত৷
তাৰ পিছতো প্ৰশাসন, বিধায়ক, চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ফলত বানৰ পিছতে পুনৰ এফালৰ পৰা ঘৰ-দুৱাৰ গৰাখহনীয়াৰ কৱলত পৰি সকলো জাহ যাবলৈ ওলাইছে৷ হাইলাকান্দি জিলাৰ কাটলিছৰা বিধান সভা সমষ্টিৰ দক্ষিণ হাইলাকান্দি কিল্লাৰবাক এলেকাৰ পূৰ্বৰ মানচিত্ৰই সলনি কৰিছে গৰাখহনীয়াই৷
কিল্লাৰবাকৰ ঝালনাছাড়া এলেকাত ২০০৫ চনৰ পৰা এতিয়ালৈ শ শ বিঘা কৃষিভূমি, স্কুল, মছজিদ, মন্দিৰ ধলেশ্বৰী নৈত জাহ যায়৷ বাৰিষা-শৰালি গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত থকাৰ ফলত ৰাইজে হাহাকাৰ কৰিব লগা হৈছে৷ পুনৰ গৰাখহনীয়া আৰম্ভ হোৱাত বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ধলেশ্বৰী নৈত জাহ যোৱাৰ উপক্ৰম হৈছে৷ মাথো কেইফুটমানৰ খহাই নিলে মানুহৰ ঘৰ-দুৱাৰ ৰক্ষা নপৰিব৷
পূৰ্বে ৩০-৪০ বিঘা মাটি থকা লোকে এতিয়া খেতি কৰিবলৈ মাটি নাপায়৷ কিয়নো সকলো নৈৰ বুকুত জাহ গৈছে৷ হাইলাকান্দি জিলাৰ প্ৰশাসনক বহুবাৰ স্মাৰক পত্ৰ দিয়াৰ পিছতো প্ৰশাসনে গৰাখহনীয়া ৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকিৰলে৷ পুনৰ নেৰানেপেৰা বৰষুণ আৰু বানৰ কৱলত পৰি গৰখহনীয়াৰ তাণ্ডৱত হাহাকাৰ কৰিব লগা হৈছে অঞ্চলটোৰ লোকে৷ নৈত কৃষিভূমি হেৰুওৱা কাটলিছৰাৰ বিধায় সুজাম উদ্দিল লস্কৰক আৰু জিলা উপায়ুক্ত আদিল খানক ৰাইজে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে৷ আনহাতে স্থানীয়ে বিধায়ক সুজাম উদ্দিনে বিধায়ক হোৱাৰ পিছৰে পৰা স্থানীয় সমস্যাক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷