newsnextone.com | বিহালীঃ মানুহ নহয় গৰু-ছাগলীয়েহে যেন পঢ়ে আই টি আইখনত৷ চূণ-তেল সানি উদ্ধোধন কৰিবলৈ সাজু কৰি আজিলৈ উদ্ধোধন নকৰাৰ ফলত গৰু ছাগলীৰ গোহালিলৈ পৰিৱৰ্তন হৈছে আইটিআইখন৷ মাষ্টৰো নাই ছাত্ৰ-ছাত্ৰীয়ো নাই আইটিআইখনত৷ তদানীন্তন তৰুণ গগৈ চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰাৰ পাছতোঁ আজিলে পাঠদান আৰম্ভ নকৰাত বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰাছে বিশ্বনাথৰ বিহালী সমষ্টিৰ ৰাইজ৷

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বালিপুখুৰীত তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত স্থাপন কৰা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখন ২০১৪ চনতে নিৰ্মাণ সমাপ্ত হোৱাৰ পিছতোঁ আজিলৈ পাঠদানটো দুৰৰ কথা নামভৰ্তিয়ে নোহােৱাত ক্ষোভিত হৈ পৰিছে যুৱ প্ৰজন্ম। কংগ্ৰেছে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত কেৱল ভোটৰ স্বাৰ্থত তিনি কোটিৰো অধিক ধন ব্যয় সাপেক্ষে নিৰ্মাণ কৰি ৰাজকোষৰ ধন অপব্যায় কৰে৷ 

বৰ্তমানৰ চৰকাৰৰ সেই একেই কেইগৰাকী মন্ত্ৰীয়ে এই অনুষ্ঠান স্থাপন কৰাত আগভাগ লৈছিল৷ কিন্তু তেওঁলোকে বিজেপিলৈ গৈ পৰিৱৰ্তন হ’ল কিন্তু আইটিআইৰ খনৰ পৰিৱৰ্তন নকৰিলে৷ সাধাৰণ কৃষকে বেংকৰ ঋণ লৈ পৰিশোধ কৰিব নোৱাৰিলে চৰকাৰে কতো যন্ত্ৰণা দিয়ে৷ কিন্তু সমগ্ৰ অসমত চৰকাৰে এনেদৰে কোটি কোটি টকা অপব্যয় কৰিছে তাৰ শাস্তি কোনে কাক দিব? কংগ্ৰেছৰ দিনত নিৰ্মাণ কৰা বাবেই বিজেপি চৰকাৰে কেৰাহিকৈয়ো চোৱা নাই শিক্ষানুষ্ঠাসমূহ৷

উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা বহু ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব বুলি আশা কৰিছিল বিহালীবাসীয়ে। বৰ্তমানৰ চৰকাৰ খনে গুৰুত্ব আৰোপ নকৰাত তথা অৱহেলাৰ ফলত পাঠদান নোহোৱাত গৰু-ছাগলী আবাসস্থলি, মদ-জুৱাৰ আড্ডাৰ হৈ পৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। নতুন চৰকাৰ খনে শিক্ষানুষ্ঠান খন পাঠদান আৰম্ভ কৰাৰ বাবে কাণসাৰ নাই বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰে৷

জাতি-মাটিৰ কথা কোৱা চৰকাৰ খনে কৌশলী ভাৰতৰ কথা কয় যদিও এখন উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কোঠা, কোৱাৰ্টাৰ, হোষ্টেল আদিকে ধৰি কোটি কোটি টকাৰ গৃহ জহি-খহি যাবলৈ দিয়ে৷ চৰকাৰ খনক চকু মুদা কুলিৰ ভাও ধৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ একপ্ৰকাৰ সন্ধিয়া হলেই মদ জুৱাৰ আড্ডাত পৰিণত হৈছে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখন৷ পাহাৰ সদৃশ জংঘলে আৱৰি ধৰিছে কলেজখন। বিহালী সমষ্টিৰ তদানীন্তন বিধায়ক তথা অসম চৰকাৰৰ বৰ্তমানৰ মন্ত্ৰী পল্লৱ লোচন দাসৰ কাৰ্যকালতে নিৰ্মাণ কৰা কলেজখন মুকলি কৰাৰ কথা আছিল যদিও আজিলৈ মুকলি কৰা ন’হল৷

উল্লেখ্য যে, ২০১৪ চনতে কলেজ খন মুকলি কৰাৰ কথা ঘোষণা কৰিছিল প্ৰাক্তন শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশ্বনাথৰ অধিবক্তা তুষাৰ বৰাই বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক শীঘ্ৰে কলেজখন মুকলি কৰি পাঠদান আৰম্ভ কৰিবলৈ দাবী জনাই ঘাটমাউৰা সন্তানৰ দৰে হৈ পৰা বুলি কয় শিক্ষানুষ্ঠান খন৷

যেনেদৰে ঘাট মাউৰা সন্তানৰ মাক বাপেক নাথাকে তেনেদৰে এই আইটিআই কলেজনৰ মাক বাপেক নাই৷ অধ্যাপক অধ্যাপিকা নিযুক্তি হোৱা নাই আৰু কিমান দিনলৈ এনেদৰে এনেদৰে পৰি থাকিব ঠিক নাই৷ গৰু-ছাগলীৰ চৰণীয়া পথাৰ হৈছে৷ বৰ্তমানৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এখন ইঞ্জিনিয়াৰিং কলেজ ইয়াত ঘোষণা কৰিছে৷ আমাৰ শিক্ষানুষ্ঠান দিয়াত আপত্তি নাই কিন্তু অধ্যাপক-অধ্যাপিকা নথকা কলেজ দিলে আমাৰ বিহালীৰ একো লাভৱান নহয়৷ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ শিক্ষক নিযুক্তি দিয়ক লৰা-ছোৱালীক পঢ়ুওৱাক তেতিয়াহে বিহালীৰ উন্নয়ন হ’ব বুলি কয় অধিবক্তা তুষাৰ বৰাই৷