newsnextone.com | তামুলপুৰঃ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত চুক্তি কৰা হৈছিল বিটিচি চুক্তিৰ৷ ওদালগুৰি, বাক্সা, চিৰাং আৰু সদৰ কোকৰাঝাৰ জিলাৰ ৩,১৫১,০৪৭ গৰাকী লোকৰ উন্নয়নৰ বাবে বিটিচিয়ে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ পৰা কোটি কোটি টকা সাহায্য লাভ কৰি আহিছে৷ মূলত বড়ো জনগোষ্ঠী আৰু ভাৰত-ভূটান সীমান্তৰ সৰ্বপ্ৰকাৰৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কোটি কোটি টকা মোকলাই দি আহিছে চৰকাৰে৷ 

কিন্তু ভাৰত চৰকাৰে দিয়া টকা আৰু ৰাজ্য চৰকাৰে দিয়া টকাৰে শিক্ষা, যাতায়াত, স্বাস্থ্য, কৃষি, কৃষ্টি-সংস্কৃতিৰ ৰক্ষণা-বেক্ষণ হ’ব লাগে যদিও সেয়া বিটিচি অঞ্চলত হোৱা নাই বুলি ৰাইজে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে৷ কোটি কোটি টকা আৱণ্টন দিয়াৰ পিছতো বিশেষকৈ যাতায়াত ব্যৱস্থাৰ উন্নয়ন আজিলৈ হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ 

আন আন জিলা কেইখনৰ লগতে বাক্সা জিলাৰ তামুলপুৰ-গোৰেশ্বৰ অঞ্চলত ভূটানৰ পৰা বৈ অহা নৈ সমূহৰ ওপৰত দলং নথকাৰ বাবে ৰাইজে হাহাকাৰ কৰিব লগা হয়৷ ভূটান পাহাৰৰ বুকু ফালি বৈ অহা নৈ সমূহত দলং নথকাৰ ফলত আজিও ৰাইজে নাৱত আহ-যাহ কৰিব লগা হয়৷ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়ালে নৈ পাৰ হ’বৰ বাবে নাৱত টকা দিব লগা হয়৷ গোৰেশ্বৰ-তামুলপুৰ, কুমাৰীকাটা-কাউলী আদি পথত আজিও দলং নথকাৰ ফলত ৰাইজে যমৰ-যাতনা ভোগ কৰিব লগা হয় খৰালি আৰু বাৰিষা৷ সময়ে সময়ে বিটিচিৰ শাসকীয় দল বিপিএফৰ মুৰব্বীগৰাকীয়ে মডেল বিটিচিৰ কথা কয় যদিও সেয়া এক ৰাইজৰ বাবে শ্ল’গান হৈ থাকিল৷ এতিয়া মডেল বিটিচিৰ কথা কলে মানুহে মডেল বিটিচি শব্দটোৰে ইতিকিং কৰে বিটিচি কৰ্তৃপক্ষক৷  

২০০৬ চনৰ পৰা বিপিএফ দলে শাসনৰ কৰি আছি বিটিএডিৰ চাৰিখন জিলাক৷ বিপিএফ চৰকাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা-কাউলী গড়কাপ্তানী পথত মটঙা নৈত আৰু গোৰেশ্বৰ-তামুলপুৰ গড়কাপ্তানী পথত পুঠিমানী নৈৰ ওপৰত আজিলৈ দলং নিৰ্মাণ কৰিব নোৱাৰিলে৷ বৰ্তমানলৈকে নৈ দুখনৰ ওপৰত এখন দলং নিৰ্মাণ নোহোৱাত বৃহত্তৰ গোৰেশ্বৰৰ অঞ্চলৰ লগতে কুমাৰীকাটা, কাউলী, মেজগুৰী, পুখুৰীপাৰ আদি অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভূগি আহিছে। কুমাৰীকাটা-কাউলী গড়কাপ্তানী পথত ভূটানৰ পৰা বৈ অহা মটঙা নৈৰ পানীয়ে বাৰিষা কালত ফেনে ফোটোকাৰে পানী বাঢ়ি অহাৰ ফলত গাড়ী-মটৰ চলাচল কৰিব নোৱাৰে৷

কেইজনমান লোকে নিজৰ জীৱটোকে তুচ্ছ জ্ঞান কৰি যান-বাহন সহ, চাকৰিয়াল, ৰোগী, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীসকলক পাৰ কৰি আহিছে৷ সেয়াও ধনৰ বিনিময়ত। জানিব পৰা মতে, ৬-৭ বছৰ পূৰ্বে দলং নিৰ্মাণৰ বাবে বিটিচি প্ৰশাসনে দুবাৰকৈ আধাৰশিলা স্থাপন কৰিছিল৷ প্ৰথমতে ১ কৌটি ৮০লাখ টকা আৱণ্টন দিছিল হিউম পাইপ বহুৱাই সাধাৰণ দলং সাজিবলৈ৷ দ্বিতীয়বাৰ প্ৰায় ৬ কৌটি ৫০ লাখ টকা আৱণ্টন দি দলং খনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু দলং নিৰ্মাণৰ কামো আৰম্ভ কৰিছিল যদিও সেয়া এক প্ৰহসনত পৰিণত হয়৷ ৰাইজক প্ৰতাৰণা কৰি দুবাৰকা আধাৰশিলা স্থাপন কৰা দলং খন নিৰ্মাণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ 

দলং নিৰ্মাণৰ বাবে অনা সামগ্ৰী তেনেদৰে আজিয়ো পৰি থাকিল। নৈৰ দুয়ো পাৰে মথাউৰি নিৰ্মাণৰ বাবেও টকা আৱণ্টন দিয়া হৈছিল। মথাউৰি নিৰ্মাণো আধৰুৱা কৰি থয় ঠিকাদাৰ-বিষয়াই। ৰাইজে সমস্ত কাণ্ডৰ তদন্ত দাবী কৰিছে৷ বাৰে বাৰে আৱণ্টন দিয়া টকা ৰাজকোষৰ পৰা কোনোৱে উলিয়াই খালে নেকি বুলি ৰাইজে সন্দেহ কৰি উচিত তদন্ত কৰিবলৈ চৰকাৰক দাবী জনায়৷