
বোকাখাতঃ ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি শাসকীয় দলৰ নিষ্ক্ৰিয়তাৰ বিপৰীতে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰব গগৈয়ে৷ আজি বোকাখাতৰ বিভিন্ন অঞ্চলত নিজা সংসদ উন্নয়ন পুঁজিৰ ২০১৬-১৭ বৰ্ষৰ অনুমোদিত কেইবাখনো আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে৷
বোকাখাত সমষ্টিৰ অন্তৰ্গত দুখুতিমুখ আৰু গুলোংটেমেৰা পঞ্চায়ত সংযোগী অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা ছহিদ কমলা মিৰি পথটিৰ আধাৰশিলা স্থাপন কৰে৷ আনহাতে কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী সংৰক্ষণৰ লগতে পুনৰ সংস্থাপন কেন্দ্ৰলৈ দহ লাখ টকা ব্যয় সাপেক্ষে ‘ডিস্ক’ভাৰী কাজিৰঙা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷
সাংসদ গৌৰৱ গগৈয়ে এই প্ৰকল্পৰ জৰিয়তে দেশী-বিদেশী পৰ্যাটকসকল কাজিৰঙা তথা ইয়াৰ ঐতিহ্য নতুনকৈ আৱিষ্কাৰ কৰাৰ আশা ব্যক্ত কৰে৷ তেওঁ লগতে ৰজাবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয় গৃহ, ত্ৰিবেণী কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষণ গৃহৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শংকৰদেৱ শিশু নিকেতন, ৰজাবাৰীৰ দেৱাল গৃহৰ শুভ উদ্বোধন কৰে৷
সাংসদ উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলো অনুষ্ঠান-প্ৰতিষ্ঠান তথা ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক দাদু টায়ে আঁত ধৰা অনুষ্ঠানসমূহত গৌৰৱ গগৈয়ে বোকাখাতৰ কেইবাগৰাকী জ্যেষ্ঠ ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে৷
তেওঁ লগতে সাংসদ উন্নয়ন পুঁজিৰ পাঁচ লাখ ব্যয় সাপেক্ষে মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডিফলু বাগিচা সংযোগী পথটিৰ আৰু কৰুবাবাহী সত্ৰ প্ৰাথমিক বিদ্যালয় শ্ৰেণীকোঠাৰো আধাৰশিলা স্থাপন কৰে৷ গৌৰৱ গগৈৰ এন প্ৰচেষ্টা আৰু তৎপৰতাত বোকাখাত সমষ্টিৰ ৰাইজে সন্তোষ প্ৰদান কৰিছে৷
আজিৰ এই অনুষ্ঠানসমূহত সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দাদু টায়ে, বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, জিলা উপ-সভাপতি মুনীন শৰ্মা, জিলা পৰিষদৰ সদস্যা হেম কুমাৰী দাস, বোকাখাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিমল দলে, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ললিতা নাথ, পঞ্চায়ত সভাপতি তৰুণ লইং, চুমি লইং, শচী গগৈ, লক্ষণ কৰ্মকাৰ তথা বহু লোক উপস্থিত থাকে৷