
newsnextone.com | ডিফুঃ কাৰ্বি আংলঙ জিলাত গঢ়ি উঠা একাংশ অবৈধ ফাৰ্মাচীয়ে মুকলিকৈ চলাই গৈছে ব্যৱসায়৷ এই অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ ডিফু আঞ্চলিক সমিতিয়ে এই অভিযোগ উত্থাপন কৰি অবৈধ ফাৰ্মাচী সমূহ বন্ধ নকৰিলে শীঘ্ৰে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে৷
মঙলবাৰে আছুৰ ডিফু আঞ্চলিক সমিতিয়ে কাৰ্বি আংলঙ জিলাৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্তক সাক্ষাৎ কৰি অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ আছুৰ ডিফু আঞ্চলিক সমিতিৰ এটা প্ৰতিনিধি দলে উপায়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰও প্ৰদান কৰে৷
স্মাৰক পত্ৰখন যোগে আছুৱে অভিযোগ উত্থাপন কৰি কয় যে জিলাখনৰ বিভিন্ন প্ৰান্তত গঢ়লৈ উঠা এনে ফাৰ্মাচী সমূহে অবাধ হাৰত ১৯৪০ আৰু ১৯৪৫চনৰ ড্ৰাগচ আৰু কচমেটিকচ এক্ট অমান্য কৰি আহিছে৷ আইন অনুসৰি বৈধ ফাৰ্মাচিৰ পঞ্জীয়ন নম্বৰ সহ অনুজ্ঞাপত্ৰ সকলো ফাৰ্মাচীত আঁৰি থোৱাৰ লগতে ফাৰ্মাচীত ফাৰ্মাচিষ্ট উপস্থিত থকাটো বাধ্যতামূলক কৰিবলৈ দাবী জনায় আছুৱে৷ জিলাখনৰ ৯৫ শতাংশ ফাৰ্মাচী কোনো ফাৰ্মাচিষ্ট নোহোৱাকৈ আৰু ভূৱা পঞ্জীয়ন নম্বৰেৰে চলি থকা বুলি অভিযোগ উত্থাপন কৰে আছুৱে৷
আনহাতে ডিফুতো একাংশ ফাৰ্মাচীত ফাৰ্মাচিষ্ট অবিহনে দৰৱ বিক্ৰি কৰি সাধাৰণ লোকৰ জীৱনক লৈ হেতালি খেলিছে বুলি অভিযোগ উত্থাপন কৰে৷ তিনিদিনৰ ভিতৰত জন স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰা ফাৰ্মাচীসমূহ আছুৰ সদস্যক লগতলৈ পৰিদৰ্শন কৰাৰ আহ্বান জনায়৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আছুৱে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব যাওঁতে কিবা পৰিস্থিতিৰ উদ্ভৱ হলে কৰ্তৃপক্ষ জগৰীয়া হ’ব বুলি আছুৰ ডিফু আঞ্চলিকৰ সভাপতি, সম্পাদক শ্যামন্ত গগৈ আৰু সৰ্জোণ হাঞ্চে উল্লেখ কৰে৷