
newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ অন্তৰ্গত গৈ পানী গাঁৱত অবৈধ চুলাই মদ সেৱন কৰি এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি চাহ জনজাতি ছাত্ৰ সন্থাই কাকপথাৰ-ৰূপাই সংযোগী ৫২নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
কাকপথাৰ অাৰক্ষী থানাৰ অন্তৰ্গত গৈ পানী গাঁৱৰ দীপক ভূমিজ (৪৬) নামৰ লোকজনে গাওঁখনত থকা অবৈধ চুলাই ঘাটিত সুৰা সেৱন কৰি কাম কৰি থকা অৱস্থাতে ৰহস্যজনক ভাৱে সোমবাৰে মৃত্যু আকোৱালি লয়৷
গাঁওখনত অবৈধভাৱে চুলাই প্ৰস্তুত কৰি অবৈধ সুৰাৰ অবাধ বেহা চলাই থকাৰ পিছতোঁ অাবকাৰী বিভাগে কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপন কৰে অাটছাই৷ অাটছাৰ কাকপথাৰ উপ-শাখা সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে সুৰাৰ অবাধ প্ৰচলন বন্ধ কৰাৰ দাবীত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অৱৰোধকাৰীসকলে অঞ্চলটোত চলি থকা নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়।
বৃহত্তৰ কাকপথাৰ অঞ্চলটোত ড্ৰাগছ, কানি, মদ, ভাং অাদিৰ দৰে নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন হৈ থকাৰ পিছতো অাবকাৰী বিভাগে চকু মুদা কুলিৰ ভাওঁ ধৰি অহাটো ৰহস্যজনক বিষয় বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ বিভাগটোক স্থানীয় সামাজিক সংগঠন সমূহে বাৰম্বাৰ অভিযোগ দাখিল কৰি অাহিলেও ধনৰ বিনিময়ত অবৈধ ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা নকৰাৰ অভিযোগ উথাপিত হৈছে। শীঘ্ৰেই অঞ্চলটোৰ পৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ নকৰিলে অাবকাৰী বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে স্থানীয় দল-সংগঠনে নিজাববীয়া উদ্যোগ গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। তেতিয়া যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে অাবকাৰী বিভাগ জগৰীয়া হ’ব বুলি পথ অৱৰোধকাৰীসকলে জানিবলৈ দিয়ে৷