
newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সুঁতিৰপাৰ আৰক্ষী পহৰা চকীৰ সহঃ উপ-আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ সহঃ উপ-আৰক্ষী পৰিদৰ্শকগৰাকী দুৰ্নীতিগ্ৰস্থ বুলি অভিযোগ উত্থাপন কৰি আৰক্ষী পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষী অধীক্ষকক এক লিখিত অভিযোগ দাখিল কৰা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি, স্থানীয় ২নং বৰালিমাৰী গাঁৱৰ ফকৰ উদ্দিন আৰু আব্দুল মতিনৰ পৰিয়ালৰ মাজত কেইদিনমান পুৰ্বে এক মাৰপিটৰ ঘটনা সংঘটিত হয়। পিছত ঘটনা সন্দৰ্ভত ফকৰ উদ্দিনে আব্দুল মতিনৰ বিৰুদ্ধে উক্ত আৰক্ষী পহৰা চকীখনত এক গোচৰ দাখিল কৰিছিল যদিও স্থানীয় একাংশ সচেতন লোকে উভয় পক্ষৰ আলোচনা মৰ্মে গোচৰটোৰ আপোচ মীমাংসা কৰি এক উমৈহতীয়া পত্ৰযোগে আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক অৱগত কৰে।
কিন্তু অতি পৰিতাপৰ বিষয় যে, মীমাংসা পত্ৰখন লৈ আৰক্ষী পহৰা চকীখনত উপস্থিত হওতেই গোচৰীয়া পক্ষৰ ফকৰ উদ্দিনক সহঃ উপ-আৰক্ষী পৰিদৰ্শক গৰাকীয়ে মাৰপিট আৰম্ভ কৰে। আনকি, গোচৰ মীমাংসা কৰিলেও ধন দিব লাগিব বুলি দাবী ধমকি দিয়ে।
আনহাতে, ইয়াৰ পুৰ্বে ফকৰৰ পৰা আৰক্ষী বিষয়াজনে ১৫০০ টকা লয় বুলিও অভিযোগ পত্ৰখনত উল্লেখ কৰিছে। উল্লেখ্য যে, বিগত প্ৰায় সাত বছৰে একেটা আৰক্ষী চকীত কৰ্মৰত আৰক্ষী বিষয়াজন উঠি ৰজা বহি ৰজাৰ ৰূপত বিভিন্নজনৰ পৰা গোচৰ দাখিল তথা মীমাংসাৰ নামত ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।
এই সমগ্ৰ বিষয় সন্দৰ্ভত ভুক্তভোগী ফকৰ উদ্দিনে যোৱা ৩ জুলাইত জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এক অভিযোগ পত্ৰ দাখিল কৰে। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে উক্ত ঘটনাৰ এক উচিত তদন্ত চলাই দোষীক কঠোৰ শাস্তি বিহিবলৈ বিভিন্ন দল-সংগঠনে দাবী জনাইছে।