
newsnextone.com | বোকাজানঃ ডিমাপুৰৰ দুৰ্বৃত্তই অপহৰণ কৰিছিল মৰাণৰ ব্যৱসায়ী তুলসী প্ৰসাদ বেৰীয়াক৷ এই কথা পোহৰলৈ আহে ব্যৱসায়ী গৰাকীক উদ্ধাৰৰ পিছতে৷ কাৰ্বি আংলংৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলনীজানত লোকগৰাকীক এৰি দুৰ্বৃত্তই পলায়ন কৰে বৃহস্পতিবাৰে।
উল্লেখ্য যে, মৰাণৰ নিবাসী তথা ব্যৱসায়ী তুলসী প্ৰসাদ বেৰীয়াই বৃহস্পতিবাৰে পুৱা ৫ বজাত মৰাণ নগৰৰ বাসগৃহৰ পৰা চকলীয়াস্থিত নিজ পুৰণি গৃহলৈ আহি থাকোতেই মাজবাততে এখ স্ক'ৰপিঅ'ত অহা চাৰিজনীয়া অস্ত্ৰধাৰী দলে তেওঁ আহি থকা বাহনখন ৰখাই বেৰীয়াক অপহৰণ কৰে৷
তেলডিপো এটাত বেৰীয়াৰ বাহৰ ৰখাই দুৰ্বৃত্তই স্ক'ৰপিঅ'ত বেৰীয়াক উঠাই ডিমাপুৰৰ দিশে অগ্ৰসৰ হয়৷ চাৰিজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে তুলসী প্ৰসাদ বেৰীয়াক প্ৰথমে ডিমাপুৰৰ পৰা পাছ কিলোমিটাৰ নিলগৰ এডোখৰ অজ্ঞাত ঠাইত নি সোধা-পোছা কৰাৰ অন্তত অন্য এডোখৰ ঠাইত স্থানান্তৰিত কৰিবলৈ নি থকা অৱস্থাত স্বাস্থ্যৰ অৱনতি ঘটাত বেৰীয়াক বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে।
পাছত বৰপথাৰ আৰক্ষীয়ে খবৰ পাই লোকগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী দলটোৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷