
newsnextone.com | কোকৰাঝাৰঃ চিৰাং জিলাৰ পুৱ এংকৰবাৰী নিবাসী অন্নবালা ৰায়ক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষিত কৰাৰ পিছত আৰু যোৱা ২৩ জুনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ ১২ দিনৰ অন্তত বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ ওলাই আহে। সকলো নথিপত্ৰ থকাৰ পিছতোঁ অন্নবালা ৰায়ক বিদেশী বুলি ঘোষণা কৰা বুলি অভিযোগ তুলি আক্ৰাছুৱে অন্নবালা ৰায়ৰ মুক্তিৰ দাবীত প্ৰৱল প্ৰতিবাদ সাৱস্ত কৰি আহিছিল।
ইয়াৰোপৰি আক্ৰাছুৱে অন্নবালা ৰায়ক জামিনত মোকলাই লোৱাৰ বাবে আদালতত যাৱতীয় নথিপত্ৰ জমা দিয়াত অৱশেষত চিৰাং জিলা বিদেশী ন্যায়াধিকৰণে অন্নবালা ৰায়ৰ জামিন মঞ্জুৰ কৰে আৰু সুদীৰ্ঘ ১২ দিনৰ অন্তত অন্নবালা ৰায়ে মুকলি আকাশৰ তললৈ ওলাই আহে। কোকৰাঝাৰ ডিটেনচন কেম্পৰ পৰা অন্নবালা ৰায় ওলাই অহাৰ পিছতে আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মনকে ধৰি আক্ৰাছুৰ আন নেতা কৰ্মীয়ে অন্নবালা ৰায়ক আদৰণি জনায়।
আনহাতে অন্নবালা ৰায় জামিনত মুক্তি পোৱাৰ পিছতে আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে এয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি কৰা এক গভীৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰি পুণৰাই এনে ঘটনা সংঘটিত হলে আক্ৰাছু হাত সাৱটি বহি নাথাকে বুলি উল্লেখ কৰে। গোকুল বৰ্মনে বিদেশী সজোৱাৰ নামত খিলঞ্জীয়াৰ ওপৰত এনে নিৰ্যাতন বন্ধ কৰিবলৈও চৰকাৰক সকিয়াই দি নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন নকৰা বাবেই চৰকাৰে কোচ ৰাজবংশী জনতাৰ ওপৰত এনেধৰণৰ নিৰ্যাতন আৰম্ভ কৰা বুলি সন্দেহ প্ৰকাশ কৰে।
আনহাতে আক্ৰাছুৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মনে কমতাপুৰৰ কোনো স্থায়ী বাসিন্দা বিদেশী হ’বই নোৱাৰে বুলি উল্লেখ কৰি এয়া ৰাজনৈতিক চক্ৰান্ত বুলি মন্তব্য কৰিছে। কোচ ৰাজবংশী জনগোষ্ঠীক গিনিপিগ সজোৱাৰ প্ৰচেষ্টা বাদ দিবলৈ সকলো পক্ষকে সকিয়নি দি হিতেশ্বৰ বৰ্মনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও যাতে ভৱিষ্যতে কোনো খিলঞ্জীয়াক বিদেশী সজোৱাৰ চক্ৰান্ত নকৰে তাৰ প্ৰতিও সচেতন হবলৈ আহ্বান জনায়।