newsnextone.com | তেজপুৰঃ একেৰাহে ১৫ বছৰ শাসনৰ গাদী দখল কৰিও কংগ্ৰেছ দলে ৰাজ্যৰ খিলঞ্জীয়া-ভূমিপুত্ৰসকলৰ কোনো সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ২০০১ চনৰ পৰা ২০১৬ চনলৈকে তিনিটা কাৰ্যকালত কংগ্ৰেছ চৰকাৰৰ শাসনকৰ্তাসকলে কৰি গৈছিল মাথোঁ আধাৰশিলাৰ ৰাজনীতি৷ এই সময়চোৱাত ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজক কেৱল দুৰ্নীতি-ভ্ৰষ্টাচাৰে জৰ্জৰিত কৰি তুলিছিল৷

কংগ্ৰেছ চৰকাৰে সৰ্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰি তোলাত সময়ৰ সুৱৰ্ণ সুযোগ গ্ৰহণ কৰিছিল বিজেপি দলে৷ ৰাইজক পৰিৱৰ্তনৰ হাৱা খুৱাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ‘জাতি-মাটি-ভেটি’ সুৰক্ষা দিয়া তথা উন্নয়নৰ শ্ল’গান দি ৰাজ্যৰ শাসনভাৰ দখল কৰিলে৷ সকলোৱে ৰাজ্যত ভাল দিন অহাৰ আশাত বিশ্বাস ৰাখিছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ মন্ত্ৰী সভাৰ ওপৰত৷

কিন্তু বৰ্তমান সময়ত বিজেপি চৰকাৰৰ প্ৰতি মোহভংগ ঘটিছে ৰাজ্যখনৰ সকলো জনসাধাৰণৰ৷ পৰিৱৰ্তনৰ নামত নিৰ্বাচনৰ আগতে দিয়া সকলো প্ৰতিশ্ৰুতি এতিয়া ফুটুকাৰ ফেনহে মাথো৷ চৰকাৰখনে শাসনৰ গাদীলৈ অহাৰ পাছৰে পৰা কৰি থকা কাৰ্যকলাপ আৰু দৃষ্টিভংগীয়ে এতিয়া সকলো লোককে হতাশ কৰি তুলিছে৷ 

বিভাগীয় মন্ত্ৰীসকলে দিছপুৰৰ চকীত বহিবলৈ নোপোৱাৰ আগ মুহূৰ্তত ভোটৰ আশাত সাধাৰণ ৰাইজৰ কাষ চাপে৷ ৰাস্তা-ঘাট, দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু গাদীত বহিবলৈ পোৱাৰ পাছত পাহৰি যায় নিৰীহৰ আৰ্তনাদৰ বিষয়ে৷ ফলত জীয়াতু ভুগি আহিব লগা হৈছে গাঁৱে-ভুঞে বসবাস কৰি অহা সাধাৰণ ৰাইজে৷ 

সাংস্কৃতিক নগৰী খ্যাত তেজপুৰ দোলাবাৰী অঞ্চলত থকা খনামুখ সংযোগী এখন জৰাজীৰ্ণ কাঠৰ দলঙে এতিয়া যাতায়ত বিপন্ন কৰিছে অঞ্চলবাসীৰ। তেজপুৰ সমষ্টি অতি ব্যস্ততাপূৰ্ণ পথ দোলাবাৰী-খনামুখ পথৰ দলংখন বিগত কেইবাবছৰ ধৰি অৱহেলিত হৈ আছে। 

দোলাবাৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা এশ মিটাৰ নিলগৰ দলংখনৰ ক্ষেত্ৰত পঞ্চায়ৰ সচিব, বিষয়া আৰু সমষ্টিৰ বৰমূৰীয়াজনো নিমাত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে। জৰাজীৰ্ণ দলংখনৰ মাজে মাজে বৃহৎ গাঁতৰ সৃষ্টি হোৱাত ৰাইজে অতি বিপদসংকুল ভাৱে যাতায়ত কৰিবলগীয়া হৈছে৷ 

ইফালে ৰাইজে দলংখনৰ মেৰামতিৰ বাবে স্থানীয় গাঁও পঞ্চায়তৰ পৰা বিধায়ক, বিভাগীয় কৰ্তৃপক্ষলৈ কেইবাবাৰো আবেদন জনাইছে যদিও এই পৰ্যন্ত কোনোৱে ৰাইজৰ আবেদনক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ দলংখনৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে যিকোনো সময়ত দলংখনে অঞ্চলবাসীলৈ আসন্ন বিপদ কঢ়িয়াই আনিব বুলি শংকিত হৈ পুনৰ এবাৰ জৰাজীৰ্ণ দলংখনৰ মেৰামতিৰ বাবে দাবী জনাইছে৷