
newsnextone.com | গুৱাহাটীঃ শুকুৰবাৰে কেইবাশতাধিক লোকে গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক গ্ৰেপ্তাৰৰ দাবীত ডিলাৰটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ বহিৰাগত বণিয়াৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদকৰীসকলে মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক গ্ৰেপ্তাৰৰ দাবী জনায়৷ গনেশগুৰিৰ মুকেশ হুণ্ডাইৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তিনি সংগঠনে নিৰ্যাতিতা কমল দাসক ক্ষতিপূৰণ দিয়াৰ লগতে আন আন কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদানৰ দাবী জনায়৷
মুকেশ হুণ্ডাইৰ সঞ্চালক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে অসমৰ ৰাইজক ক্ষমা খোজাৰ দাবী জনায়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ আৰু সদৌ অসম উন্নয়ন সমিতিৰ মহানগৰ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ বহিৰাগতৰ দাদাগিৰী নচলিব বুলি স্পষ্ট কৰে৷
উল্লেখ্য যে, বৃহস্পতিবাৰে মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই অডিটৰ কমল দাসে ১০ গৰাকী গ্ৰাহকৰ ফাইল অডিত সম্পূৰ্ণ কৰিব নোৱাৰাৰা বাবেই থলুৱা কৰ্মচাৰীজনক কাণত ধৰাই আঁঠু কঢ়াই থৈছিল৷
মুকেশ হুণ্ডাইৰ চাৰ্ভিচ চেণ্টাৰৰ সফলতাৰ বাবে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্ঠানত মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কেক কাটিবলৈ সাজু হৈছিল৷ তাৰ পূৰ্বে ১১ বছৰ ধৰি কৰ্মৰত অডিতৰ কমল দাসক দায়িত্ব পালনত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰি অভব্য-অশ্ৰাব্য ব্যৱহাৰ কৰে৷ ইমানতে ক্ষান্ত নাথাকি আঠুঁ কাঢ়ি থাকিবলৈ কয়কৰ্মচাৰীজনক৷ কৰ্মচাৰীগৰাকীয়ে আঠু কাঢ়িবলৈ নিবিচৰাত ভাবুকি প্ৰদান কৰি আঠু কাঢ়িবলৈ বাধ্য কৰে৷ অসমীয়া কৰ্মচাৰীজনক কাণত ধৰাই আঁঠু কঢ়াই ৰাখি মালিক ঋষভ হিম্মৎসিংকাই কেক কাটে৷ এই খবৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
তাৰ পিছতে শুকুৰবাৰে কৃষক নেতা অখিল গগৈৰ নেতৃত্বত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ আৰু সদৌ অসম উন্নয়ন সমিতিৰ এটা দল গণেশগুৰিৰ মুকশ হুণ্ডাইত উপস্থিত হৈ কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ আৰু সদৌ অসম উন্নয়ন সমিতিৰ নেতৃত্বৰ সৈতে আলোচনা কালত মুকেশ হুণ্ডাইৰ মুখ্য প্ৰৱন্ধক বিক্ৰী ধীৰাজ দাস কাশ্যপে লিখিত প্ৰতিশ্ৰুতি দি মালিক ঋষভ হিম্মৎসিংকাই ৰাজহুৱাকৈ ক্ষমা নিবিচৰা পৰ্যন্ত তেওঁলোকৰ শ্ব-ৰুম আৰু ৱৰ্কশ্বপ বন্ধ থাকিব বুলি কয়৷ অখিল গগৈ বহু সময় ডিলাৰটোৰ কৰ্মচাৰীসকলৰ সৈতে কথাপাতি ভৱিষ্যতে যি কোনো সমস্যা হলে তেওঁলোকক সহায় কৰিব বুলি কয়৷
দল-সংগঠনৰ লগত হোৱা বৈঠকত মুকেশ হুণ্ডাইৰ মুখ্য প্ৰৱন্ধক ধীৰাজ দাস কাশ্যপে দিলে লিখিত প্ৰতিশ্ৰুতি দি মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই অসমবাসীক ক্ষমা নোখোজা পৰ্যন্ত শ্ব-ৰুম আৰু ৱাৰ্কচপ বন্ধ ৰাখিব বুলি কয়৷
আনহাতে মুকেশ হুণ্ডাইৰ নিৰ্যাতিত কৰ্মচাৰী কমল দাসে শুকুৰবাৰে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মালিক ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে। গুৱাহাটী আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে৷ কৰ্মচাৰীজনে এজাহাৰ যোগে মালিক হিম্মৎসিংকাক ৰাজহুৱা ক্ষমা খোজাৰ কথাও উল্লেখ কৰে।
ঘটনা সন্দৰ্ভত কলিতা সেনাই ক্ষোভ প্ৰকাশ কৰে৷ মুকেশ হুণ্ডা কৰ্তৃপক্ষৰ সৈতে সংগঠনটোৰ নেতৃত্বৰ সৈতে আলোচনা কৰাত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিক্ৰী বিভাগৰ প্ৰৱন্ধক ধীৰাজ দাস কাশ্যপে প্ৰতিষ্ঠানৰ মুৰব্বী ঋষভ হিম্মৎসিংকাই অসমবাসীৰ ওচৰত ক্ষমা খুজিব বুলি প্ৰকাশ কৰে। হিম্মৎসিংকাই আগন্তুক তিনি দিনৰ ভিতৰতে ৰাজহুৱা ভাৱে এই ক্ষমা প্ৰাৰ্থনা বিচাৰিব বুলিও ধীৰাজ দাস কাশ্যপে প্ৰকাশ জনায় কলিতা সেনাক। আনহাতে অনাগত দিনত অসমত কাকো এনে উদ্ভণ্ডালি কৰিবলৈ দিয়া ন'হব বুলি কলিতা সেনাই স্পষ্ট কৰি দিয়ে।