
newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ক্ষুদ্ৰ চহৰ অঞ্চলটোত সম্প্ৰতি অবৈধভাৱে চলিছে সুৰাৰ অবাধ বেহা। কাকপথাৰ দৈনিক তথা সাপ্তাহিক বজাৰখনৰ চাৰিওটা দিশতে দেশীয় সুৰা, চুলাই অাৰু বিলাতী সুৰা অবৈধভাৱে বিক্ৰী কৰাৰ লগতে পান কৰাৰ সুবিধা দিয়াত অঞ্চলটোৰ সামাজিক পৰিবেশ ক্ৰমান্বয়ে বিনষ্ট হ’বলৈ ধৰিছে।
ইয়াৰ উপৰিও কাকপথাৰ থানা চাৰিঅালি, গন্ধৈগুৰি তিনিঅালি, কাকপথাৰ তিনিঅালি, লাজুম, কাঠবস্তি অাদি ঠাই সমুহটো সুৰাৰ অবাধ প্ৰচলনে উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰি শৈক্ষিক পৰিবেশ বিনষ্ট কৰিছে। কাকপথাৰ অঞ্চলটোত অাবকাৰী বিভাগে নিয়োজিত কৰি ৰখা কৰ্মচাৰীসকলে এই অবৈধ সুৰাৰ বিপণী সমূহৰ বিষয়ে জানিও অাবকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়াক অৱগত নকৰি বিপণী সমূহৰ পৰা মাহেকীয়াকৈ ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷
ইফালে, কাকপথাৰ অাৰক্ষী থানাই এই বিষয়ে জানিও সামাজিক পৰিবেশত বিৰূপ প্ৰভাৱ পেলোৱা এনেধৰণৰ বেহা সমূহ উচ্ছেদ নকৰাত স্থানীয় অঞ্চলটোৰ সচেতন ৰাইজে কাকপথাৰ অাৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ অঞ্চলবাসীয়ে অাবকাৰী তথা কাকপথাৰ অাৰক্ষীক অবৈধ সুৰাৰ ঘাটিসমুহ শীঘ্ৰেই উচ্ছেদ কৰিবলৈ দাবী জনাইছে।
অন্যথা অঞ্চলটোৰ ৰাইজে সামাজিক দল সংগঠনৰ সহযোগত নিজাববীয়া উদ্যোগেৰে এই সুৰাৰ ঘাটিসমূহ উচ্ছেদ কৰাৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনক সকীয়াই দিছে।
উল্লেখযোগ্য যে, মাজে সময়ে কাকপথাৰলৈ অবৈধ সুৰাৰ ঘাটিসমূহ উচ্ছেদ কৰিবলৈ অহা তিনিচুকীয়াৰ অাবকাৰী বিভাগে নিৰ্দিষ্ট দিনটোত ঘাটিসমূহ বন্ধ কৰি থোৱা দেখা পাই অথবা সুৰা বিক্ৰী কৰা দেখা নোপোৱাৰ বাবে উভতি যাবলগীয়া হয়। অাবকাৰী বিভাগৰ একাংশ কৰ্মচাৰীয়ে অসাধু ব্যৱসায়ীৰ সৈতে মিলি অাগতীয়াকৈ সুৰা ঘাটি সমূহক জিলা অাবকাৰী বিভাগ অহাৰ উমান দিয়াৰ বাবে উচ্ছেদ কৰিব নোৱাৰি উভতি যায় বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে।