
newsnextone.com | বিলাসীপাৰাঃ বছৰ বছৰ ধৰি ৰাজ্যখনৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত বন্ধ, ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ বন্ধ, ধৰ্ণা, ৰাজপথ অৱৰোধ আদিৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৬ জনগোষ্ঠীয়ে৷ ৬ জনগোষ্ঠীয়ে কেৱল অসমতে নহয় দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰি অহাত ২০১৪ বৰ্ষত লোকসভা নিৰ্বাচনত বিজেপি দলে জনগোষ্ঠীকেইটাক চৰকাৰ গঠন কৰিবলৈ সক্ষম হলে জনজাতিকৰণ কৰাৰ আশ্বাস দিছিল যদিও প্ৰতিশ্ৰুতি পালন নকৰাত সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু আহোম জনগোষ্ঠীয়ে দাবী উত্থাপন কৰি অহা জনজাতিকৰণৰ দাবী প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ অসমৰ কোচ-ৰাজবংশী, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু আদিবাসীক জনজাতিকৰণৰ প্রসংগত অসমৰ ৮০ শতাংশ খিলঞ্জীয়া জনসাধাৰণে সমৰ্থন আগবঢ়াই অহাৰ সময়তে কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে জনজাতিকৰণ প্ৰদান নকৰি অসমৰ বৃহৎ সমখ্যাক নাগৰিকক অপমান কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷
তাৰ মাজতে আক্ৰাছুৱে সোমবাৰে সুকীয়াকৈ বন্ধ কাৰ্যসূচী পালন কৰে জনজাতিকৰণ আৰু পুনৰ কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সোমবাৰে পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনায়। আক্ৰাছুৱে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ ৰাজ্যৰ কেইবাখনো জিলাক পৰা দেখা যায়৷ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আদি জিলাত বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷ উজনি অসমৰো ঠায়ে ঠায়ে বন্ধৰ প্ৰভাৱ পৰা জানিব পৰা গৈছে৷ বন্ধৰ সময়ছোৱাত ব্যৱসায় প্ৰতিষ্ঠান, স্কুল-কলেজ আৰু যান-বাহনৰ চলাচল বন্ধ থাকে৷ ঠায়ে ঠায়ে পুৱাই বন্ধৰ সমৰ্থক ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ঠায়ে ঠায়ে৷
কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আক্ৰাছুৱে আহ্বান জনোৱা বন্ধৰ ব্যাপক প্ৰভাৱ পৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত৷ আক্রাছুৰ আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত ধুবুৰী জিলা পূব, ছাত্ৰ আৰু মহিলা সমিতিয়ে পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত বিলাসীপাৰা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই বন্ধৰ সমৰ্থকে। বন্ধৰ ফলত গাড়ী-মটৰ চলাচল বন্ধ থকাৰ লগতে হাট বজাৰ আদি বন্ধ থাকে। বন্ধৰ সময়ছোৱাত বিশেষ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা হোৱা নাই৷