newsnextone.com | বিলাসীপাৰাঃ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বতাহ জোৰকৈ বলাৰ সময়তে ৰাজনৈতিক দল সমূহৰ মাজত দল এৰা-এৰি আৰু নতুন যোগদান প্ৰক্ৰিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ প্ৰতিটো ৰাজনৈতিক দলতে নতুন কৰ্মীৰ যোগদান ঘটিছে৷ তদুপৰি বহু জ্যেষ্ঠ নেতাই দল ত্যাগ কৰি পুনৰ এক নতুন দলত যোগদান কৰা কাৰ্যও চলি থকা দেখা গৈছে৷ আগন্তক পঞ্চায়ত নিৰ্বাচনৰ বাবেই দল সমূহৰ মাজত পট পৰিৱৰ্তন ঘটা বুলি ইতিমধ্যে চৰ্চা চলিছে৷

ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত মহামায়াত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি অগপৰ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে অগপৰ  বিলাসীপাৰা পশ্চিম সমষ্টি সমিতিৰ সভাপতি ওমৰ উদ্দিন আহমেদে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অগপৰ বিলাসীপাৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক কামৰুজ্জামানে। 

সভাৰ মুখ্য বক্তা অগপৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি আব্দুৰ ৰচিদ মিঞা, বিলাসীপাৰা পশ্চিম সমষ্টি সমিতিৰ উপদেষ্টা আলহাজ নুৰ মহম্মদ শেখ, সাধাৰণ সম্পাদক আব্দুল ছালাম, সাংগঠনিক সম্পাদক ছফৰ আলী, মহামায়া আঞ্চলিক সমিতিৰ সভাপতি প্ৰদীপ অধিকাৰীৰ লগতে অগপ দলৰ বিভিন্ন পৰ্য্যায়ৰ কৰ্মী সকলে উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি অগপ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ উপলক্ষে চিন্তা চৰ্চা আৰু অভিমত ব্যক্ত কৰে। 

বৰ্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰ্যালোচনা কৰি এআইইউডিএফৰ দুগৰাকী নেতা ক্রমে মছলা পাৰা গাঁও পঞ্চায়তৰ আতোৱাৰ ৰহমান আৰু পানবাৰী গাঁও পঞ্চায়তৰ আব্দুল বাৰেকে আগন্তুক বিধান সভা নিৰ্বাচনৰ অগপ দলৰ আশাবাদী প্ৰাৰ্থী আব্দুৰ ৰচিদ মিঞাৰ নেতৃত্বত অগপ দলত যোগদান কৰে। অগপ দলৰ ফালৰ পৰা যোগদান কৰা নেতা দুগৰাকীক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।