newsnextone.com | ডিব্ৰুগড়ঃ সমাজকৰ্মী দীপক কুমাৰ চাহুৰ মৃত্যুত ডিব্ৰুগড় জিলাত শোকৰ ছাঁ পৰে৷ ডিব্ৰুগড় জিলাৰ ডিকম নিবাসী দীপক কুমাৰ চাহুৱে ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত সোমবাৰে মৃত্যুক আকোৱালি লয়৷

দীপক কুমাৰ চাহু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য প্ৰভাত চাহুৰ জ্যেষ্ঠ ভাতৃ আছিল৷ মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যাসহ অাত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷ দীপক চাহুয়ে ডিকমৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ অাছিল৷ চাহুৰ মৃত্যুত ডিকমত শোকৰ ছাঁ পৰাৰ লগতে ডিকম চ’ক ব্যৱসায়ীয়ে দোকান-পোহাৰ বন্ধ ৰাখি চাহুক শ্ৰদ্ধা যাচে৷

তেওঁৰ মৃত্যুত অসম হাইড্ৰ-কাৰ্বন এণ্ড এনাৰ্জী কোম্পানীৰ অধ্যক্ষ পোনাকণ বৰুৱা, অসম যুৱ পৰিষদৰ চাবুৱা সমষ্টিৰ সভাপতি নিপুল কোঁৱৰ, অামছুৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা চফি অালম খান, সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া, অাছুৰ ডিকম শাখাৰ সাধাৰণ সম্পাদক টুলবুল গগৈ, ডিকম গাঁও পঞ্চায়তৰ সভাপতি উপেন বৰুৱা, নুৰ অালম খান, অগপৰ নেতা সত্যনাথ দুৱৰা, ৰমেশ গোহাঁই, অঞ্জলী গগৈৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসম্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷