newsnextone.com | তামুলপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আছে হাতী-মানুহৰ সংঘাত৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আক্ৰমণ চলাই খেতিবাৰী তহিলং কৰাৰ লগতে মানুহ আদিও হত্যা কৰাৰ বাতৰি প্ৰতিদিনেই প্ৰচাৰ হৈ আহিছে৷ 

কিন্তু হাতী-মানুহৰ সংঘাত চৰম পৰ্যায় পোৱাৰ পিছতো ৰাজ্যৰ বন বিভাগে চকু মুদা কুলিৰ ভাওহে ধৰি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ বন মাজৰ পৰা মানুহৰ মাজলৈ ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰা হতীৰ জাকক দূৰলৈ খেদি পঠোৱাত বন বিভাগৰ অক্ষমতাই বিভিন্ন সময়ত সাধাৰণ মানুহক সংকটৰ গৰাহলৈ থেলি দিয়া বুলি ৰাইজে অভিযোগ কৰি আহিছে৷

হাতী-মানুহৰ সংঘাটে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তথা নাগ্ৰীজুলি বন বিভাগৰ অধীনস্ত পূব গোৱাবাৰীত মঙলবাৰে নিশা বন্য হস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু ঘটে। 

অঞ্চলটোত দীৰ্ঘদিনে চলি অহা হাতীৰ উপদ্ৰৱত অঞ্চলবাসীৰ নিদ্ৰা হৰণ কৰাৰ লগতে এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্য হাতীয়ে খাদ্যৰ সন্ধানত দৈনিক সীমান্তৱৰ্তী গাঁৱ সমূহত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। 

ঘটনাৰ বিবৰণি মতে, মঙলবাৰে নিশা অঞ্চলটোত প্ৰৱেশ কৰা এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থকাৰ সময়তে গাঁওখনৰ একাংশ লোকে হাতীটোক পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবৰ বাবে চেষ্টা কৰে৷ কিন্তু বনৰীয়া হাতীটোৱে বনাঞ্চললৈ গুছি যোৱাৰ পৰিৱৰ্তে মানুহৰ জাকটোলৈ চোঁচা লোৱাত লক্ষ্মীনন্দন বৰ্মন নামৰ লোকজন বাগৰি পৰাত হাতীৰ গছকত প্ৰাণ হেৰুৱায়৷

আনহাতে, বন্য হস্তীটোৱে স্থানীয় এঘৰ পৰিয়ালৰ দুটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে খেতি পথাৰো তহিলং কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে৷ 

এই ঘটনাৰ পিছতে বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ ৰাইজে কয় যে অঞ্চলটোৰ পৰা মাত্ৰ কেই কিলোমিটাৰ দূৰত্বত বন বিভাগৰ কাৰ্যালয় থকাৰ পিছতো প্ৰায়ে ওচৰৰ বনাঞ্চলৰ পৰা বনৰীয়া হাতী অঞ্চলোট প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে৷ কিন্তু বনৰীয়া হাতীৰ জাকক দূৰলৈ খেদি পঠিয়াব পৰা বন বিভাহে৷

আনহাতে মঙলবাৰে অঞ্চলটোত এনে এক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো বন বিভাগৰ কোনো বিষয়া কৰ্মচাৰী অঞ্চলটোত উপস্থিত নহোৱাক লৈ ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ ইপিনে, সম্প্ৰতি নাগ্ৰীজুলি আৰক্ষী চকীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ গছকত নিহত হোৱা লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।