
newsnextone.com | মৰিয়নীঃ ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত তথা এদিন পিছতেই পুনৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এই হত্যাকাণ্ডৰ সৈতে জৰিত থকাৰ অভিযোগত এজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷
এই হত্যাকাণ্ডৰ সৈতে জৰিত থকাৰ অপৰাধত বিকাশ দাস নামৰ এজন ষ্টেচনৰ দোকানীক আটক কৰে আৰক্ষীয়ে৷ ইতিমধ্যে আৰক্ষীৰ জেৰাত দোকানী বিকাশে দুয়োগৰাকী মহিলাক হত্যাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা যায়৷ আৰক্ষীৰ মাৰাধান জেৰাত বিকাশ দাসে শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰী আৰু মৰিয়নী জংচনত অবধ আসাম এক্সপ্ৰেছত উদ্ধাৰ হোৱা লালীমাই দেৱীক হত্যা কৰা বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে৷
এই হত্যাকাণ্ড বিকাশে অকলে কৰা নাছিল বুলিও জানিব পৰা গৈছে৷ তিনিচুকীয়া ষ্টেচনত পান দোকান দিয়াৰ লগতে ৰেলত বিভিন্ন সামগ্ৰী বিক্ৰী কৰে বুলি জানিব পৰা যায়৷ ৰে’ল সুৰক্ষা কৰ্মীৰ তিনিচুকীয়াই সংমণ্ডলে গ্ৰেপ্তাৰ কৰে বিকাশক৷
বিকাশক তিনিচুকীয়াৰ পৰা অসম আৰক্ষীৰ সহযোগত সোধপোছৰ বাবে আটক কৰিছিল ৰেল আৰক্ষীয়ে৷ আটকাধীন লোক সকলক সোধপোছ অব্যাহত ৰখা বুলি জানিব পৰা যায়৷ যোৱা দুদিনত চলন্ত ৰে’লত যুৱতী-মহিলাক হত্যাৰ ঘটনা সন্দৰ্ভত চিচিটিভিৰ ফুটেজৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
প্ৰায় ৩০ ঘণ্টাৰ ভিতৰত উজনি অসমত দুখনকৈ যাত্ৰীবাহী ৰেলৰ টয়লেটত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে অসমৰ মহিলাৰ সুৰক্ষাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হোৱাত ৰেল প্ৰশাসন আৰু অসমৰ প্ৰশাসন সষ্টম হৈ পৰে৷
ৰাধা কুমাৰী আৰু লালীমাই দেৱীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছিল বিকাশক। দুয়োটা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
আনহাতে ৰাজ্যৰ প্ৰশাসনে পশ্চিম বংগৰ প্ৰসিদ্ধ স্কেচ শিল্পী দেৱাশিষ বেনাৰ্জীক অসমলৈ মাতি আনি স্কেচ অংকন কৰে৷ বৃহস্পতিবাৰে পুৱাই শিৱসাগৰত উপস্থিত হয় দেৱাশিষ বেনাৰ্জী। যোৰহাট বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰীৰ ঘৰত পৰিয়ালৰ সদস্যৰ সন্মুখত হত্যাকাৰীৰ স্কেচ অংকন কৰে৷ ছাত্ৰী ৰাধা কুমাৰীৰ মাতৃ তাৰা দেৱীয়ে দিয়া বৰ্ণনাক ভিত্তি কৰি পশ্চিম বংগৰ প্ৰসিদ্ধ স্কেচ শিল্পী দেৱাশিষ বেনাৰ্জী অংকন কৰে সন্দেহজনক হত্যাকাৰীৰ ছবি।
ইপিনে ১১ জুলাইত মৰিয়নী জংচনত অবধ আসাম এক্সপ্ৰেছত উদ্ধাৰ হোৱা লালীমাই দেৱীৰ হত্যাকাণ্ডৰ তদন্ত অব্যাহত আছে৷ বুধবাৰে মাজনিশা মৰিয়নী ৰে’ল জংচনত চিআইডিৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্নিফাৰ ডগৰ সহায়ত ফৰেনছিক বিশেষজ্ঞ সহ দলটোৱে লালীমাই দেৱী হত্যাকাণ্ডৰ তদন্ত চলায়। অবধ আসাম এক্সপ্ৰেছত ডিঙিত গামোচা বান্ধি থোৱা অৱস্থাত অৰ্ধ উলংগ লালীমাইৰ মৃতদেহ উদ্ধাৰ হৈছিল৷