newsnextone.com | বিলাসীপাৰাঃ এনআৰচিৰ শুনানিৰ বাবে কেইবাশতাধিক লোকক আমন্ত্ৰণ জনাই দিনৰ দিনটো বিষয়া উপস্থিত নোহোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰাত৷ যাৰ ফলত কেইবাশতাধিক লোকৰ মাজত হাহাকাৰ লাগে৷ 

জানিব পৰা মতে, বিলাসীপাৰা অঞ্চলত এনআৰচিৰ সেৱা কেন্দ্ৰৰ পৰা ঘৰে ঘৰে মানুহ গৈ শুকুৰবাৰে বিয়া হৈ অহা মহিলাৰ পঞ্চায়তৰ প্ৰমাণ পত্ৰ আৰু পুৰুষৰ নথি সন্দৰ্ভত শুনানি অনুষ্ঠিত হ’ব বুলি কৈ থৈ আহে৷ মৌখিক ভাৱে কৈ বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত উপস্থিত হ’বলৈ কয়৷

শুনানিৰ কথা অৱগত হৈ শুকুৰবাৰে পুৱাৰে পৰা কেইবাশতাধিক লোক বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত উপস্থিত হয় যদিও পুৱাৰে পৰা এনআৰচিৰ বিষয়াৰ বাবে ৰৈ থাকিব লগ হয় লোকসকলে৷ ফলত কেইবাশতাধিক লোকৰ মাজত হাহাকাৰ লাগে৷ বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহলৈ শুনানিৰ বাবে মাতি পঠিয়াই দিনৰ তিনি বজালৈ এনআৰচিৰ বিষয়া উপস্থিত নোহোৱাত হাহাকাৰ লাগে লোকসকলৰ মাজত৷