
newsnextone.com | ডিব্ৰুগড়ঃ ১০ জুলাইত শিৱসাগৰৰ নিবাসী তথা যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীক ধৰ্ষণ-হত্যা কৰাত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত মৃতদেহ উদ্ধাৰ হৈছিল৷ তাৰ এদিন পিছত ১১ জুলাইত পুনৰ মৰিয়নী জংচনত উদ্ধাৰ হৈছিল ললিমাই দেৱী নামৰ এগৰাকী মহিলাৰ৷ ললিমাই দেৱীকো প্ৰথমে ধৰ্ষণ আৰু পিছত হত্যা কৰা হৈছিল আৰু টয়লেটত মৃতদেহ উদ্ধাৰ হৈছিল৷
দুয়োগৰাকী মহিলা-যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে শনিবাৰে পুৱাই ছাত্ৰী ৰাধা কুমাৰীৰ ঘৰত উপস্থিত হয় ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম৷ ছাত্ৰীগৰাকীৰ শিৱসাগৰৰ গৃহত উপস্থিত হৈ দীৰ্ঘ সময় পৰিয়ালৰ লোকৰ সৈতে আলোচনাত মিলিত হৈ ২ লাখ টকাৰ সাহায্য দিয়াৰ কথাও ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে পোনে পোনে ডিব্ৰুগড়ৰ ললিমাই দেৱীৰ ঘৰলৈ যায়৷
ললিমাই দেৱীৰ পুত্ৰক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে৷ সমাজ কল্যাণ মন্ত্ৰীগৰাকীয়ে ললিমাই দেৱীৰ পৰিয়ালক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে৷ অসম চৰকাৰে ললিমা দেৱীৰ পৰিয়ালক ৫ লাখ টকা দিয়াৰ লগতে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে ২ লাখ টকা সাহায্য প্ৰদান কৰিব বুলি প্ৰকাশ কৰে সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাই৷