newsnextone.com | নগাঁওঃ নগাঁও আদালতে হত্যা কাণ্ডৰ দোষী সাব্যস্ত হোৱা দুজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে শনিবাৰে৷ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰক’লাৰ ৰামকৃষ্ণ লস্কৰ আৰু প্ৰাঞ্জল লস্কৰ নামৰ দুজন লোকক হত্যা কাণ্ডৰ দোষী সাব্যস্ত হোৱাত নগাঁও আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে৷

জানিব পৰা মতে, বিগত বৰ্ষৰ ৯ আগষ্টত বৰক’লাত এটা হত্যা কাণ্ড সংঘটিত হৈছিল৷ যিটো হত্যাকাণ্ডই অঞ্চলটোক জোকাৰি গৈছিল৷ একেটা অঞ্চলৰে মনোৰঞ্জন ডেকা নামৰ এজন যুৱকক নৃশংসভাবে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল বৰক’লাৰ ৰামকৃষ্ণ লস্কৰ আৰু প্ৰাঞ্জল লস্কৰৰ বিৰুদ্ধে৷ আৰক্ষীয়ে বৰক’লাৰ ৰামকৃষ্ণ লস্কৰ আৰু প্ৰাঞ্জল লস্কৰক গ্ৰেপ্তাৰ কৰি তদন্ত কৰে৷ আদালতত দীৰ্ঘ শুনানিৰ অন্তত দোষী সাব্যস্ত কৰি ৰায় দিয়ে৷ তাৰ পিছতে শনিবাৰে শাস্তিৰ ৰায় প্ৰদান কৰে৷

নগাঁৱৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (১) এ ৰহমানৰ আদালতে ছেছন ২৬ (এন) ১৭ নম্বৰৰ গোচৰ অনুসৰি যাৱজ্জীৱন কৰাদণ্ডৰে শাস্তি প্ৰদান কৰে৷ তদুপৰি একেটা ৰায় যোগে ব্যক্তি দুজনে হত্যা কৰা যুৱকজনৰ দুৰ্ভগীয়া পত্নী, চাৰি বছৰীয়া কণমানী পুত্ৰ সন্তান আৰু বৃদ্ধ পিতৃক ক্ষতিপূৰণ দিবলৈকো জিলা আইন সেৱা প্ৰাধিকাৰীক সহায় কৰিবলৈ এক পত্ৰ প্ৰেৰণ কৰে৷