newsnextone.com | ৰঙিয়াঃ কট্টৰ হিন্দুত্ববাদী, প্ৰাক্তন বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ টোগাড়ীয়াই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তেওঁক সংঘৰ্ষত হত্যা কৰিব পাৰে বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে৷ যোৱা ১৪ জানুৱাৰীত গুজৰাটৰ নিজৰ আবাসৰ পৰা নিৰুদ্দেশ হৈছিল প্ৰবীণ টোগাড়ীয়া৷ প্ৰায় ১২ ঘণ্টাৰ মূৰকত প্ৰবীণ টোগাড়ীয়াক আহমেদাবাদত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল৷ 

তাৰ পিছতে প্ৰবীণ টোগাড়ীয়াক পুনৰ হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছিল৷ মাৰ্চ মাহত গুজৰাটৰ চুৰাটত এখন ট্ৰাকে খুন্দিয়াই হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছিল৷ টোগাড়ীয়াই বুলেটপ্ৰুফ গাড়ীত গৈ থকা অৱস্থাত এখন ট্ৰাকে পিছফালৰ পৰা খুন্দিয়াইছিল নেতাগৰাকীক৷ তাৰ পিছতে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতাজনৰ বজৰং দল, আৰএছএছ, বিজেপিৰ সৈতে মনোমালিন্য আৰম্ভ হৈছিল৷ যোৱা কেইবা মাহ ধৰি চিধা-চিধিকৈ নহ’লেও প্ৰবীণ টোগাড়ীয়াই বিজেপি চৰকাৰ একাংশ বিজেপি নেতা আৰু আৰএছএছ নেতাক আক্ৰমণ কৰি আহিছে৷ ফলত বিশ্ব হিন্দু পৰিষদত এলাগী নেতা হৈ পৰে৷ 

ইয়াৰ মাজতে কট্টৰ হিন্দুত্ববাদী নেতাজনে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ বাবে সাজু হৈছিল যদিও প্ৰশাসনে ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰা নাই৷ অহা ১৮, ১৯ জুলাইত অসমলৈ আহি সভা অনুষ্ঠিত কৰাৰ কথা আছিল নেতাজনে৷ কিন্তু অসম চৰকাৰে কট্টৰ হিন্দুত্ববাদী নেতাজনক ভ্ৰমণৰ অনুমতি প্ৰদান নকৰাত সোচ্চাৰ হৈ পৰিছে হিন্দু পৰিষদৰ অসম ৰাজ্যিক সমিতি৷ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম ৰাজ্যিক সমিতিয়ে আৰএছএছে বাধা দিয়াৰ বাবেই প্ৰবীণ টোগাড়ীয়াক অসমলৈ অহাত বাধা দিয়া বুলি কৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে৷

দেওবাৰে অসম চৰকাৰৰ বিৰুদ্ধে ৰঙিয়াত ৰাষ্ট্ৰীয় বজৰংগ দলৰ ৰঙিয়া শাখাই প্ৰতিবাদ সাব্যস্ত কৰে৷ টোগাড়ীয়াক অসমত প্ৰৱেশত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰি বজৰংগ দলৰ নেতা-কৰ্মীয়ে ৰঙিয়া আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি নৰেন্দ্ৰ মোডী সৰ্বানন্দ-সোণোৱাল হায় হায়, লেই লেই চেই চেই, প্ৰবিণ টোগাড়ীয়া জিন্দাবাদ শ্ল’গানৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷