
চাবুৱাঃ চাবুৱাবাসী ৰাইজৰ দাবীতেই জুবিন গাৰ্গক ঐতিহ্যমণ্ডিত চাবুৱা অাঞ্চলিক ৰঙালী বিহু সন্মিলনৰ হীৰক জয়ন্তী উপলক্ষে সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰিছিল যদিও হঠাতে এই সিদ্ধান্ত সলনি কৰাৰ কথা সাংবাদিকৰ আগত সদৰী কৰে সমিতিখনে।
সম্প্ৰতি জুবিনে বিহুমঞ্চত হিন্দী গীত গোৱাক লৈ চলি থকা তৰ্ক-বিতৰ্কৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত লোৱা বুলি জনাইছে বিহু সমিতিখনে। বিহু মঞ্চত হিন্দী গীত গামেই বুলি দৃঢ়প্ৰতিজ্ঞ জনপ্ৰিয় শিল্পীগৰাকীক লৈ কোনো কাৰণতে ৰিস্ক ল’ব খোজা নাই মঞ্চৰ বিহু উদযাপন কৰি ৬০ বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত চাবুৱা অাঞ্চলিক ৰঙালী বিহু সন্মিলনে।
শুকুৰবাৰে নিশা এখন সংবাদমেলযোগে এই সিদ্ধান্ত সদৰী কৰি কৰি কয় যে ৮ এপ্ৰিলত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ সাংস্কৃতিক সন্ধিয়াৰ সংগীতানুষ্ঠান বাবে চুক্তিবদ্ধ কৰা হৈছিল যদিও সম্প্ৰতি জুবিনক লৈ চলি থকা বিতৰ্কই যাতে কোনো কাৰণতে চাবুৱা সন্মিলনখনিৰ গাত চেকা লগাব নোৱাৰে, তাৰবাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
মটক জনগোষ্ঠী পৰা বিধানসভালৈ প্ৰতিনিধিত্ব কৰা চাবুৱা সমষ্টি বিধায়ক তথা চাবুৱা অাঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি বিনোদ হাজৰিকা, কাৰ্যকৰী সভাপতি নৰেন দিহিঙীয়া, যুটীয়া সম্পাদক লিখন বৰুৱাই প্ৰকাশ কৰা অনুসৰি ঐতিহাসিক চাবুৱা অাঞ্চলিক ৰঙালী বিহু সন্মিলনে কোনো বিৰ্তক নোহোৱাকৈ ৬০ বছৰ অতিক্ৰম কৰিলে৷ হীৰক জয়ন্তী উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা এই উদযাপন সমিতিখনে সেয়ে এই শুভক্ষণত ৰিস্ক ল’ব নোখোজে।
উল্লেখ্য যে সম্প্ৰতি চলি থকা হিন্দী গীত গোৱা-নোগোৱাৰ বিৰ্তকৰ সূচনা যাতে চাবুৱা বিহুৰখনত নহয় তাৰ বাবে জুবিন গাৰ্গক সমিতিয়ে অনুৰোধ জনাইছিল৷ জানিব পৰামতে প্ৰথমতে জুবিন গাৰ্গে সহমত প্ৰদৰ্শন কৰিছিল কিন্তু শেষ মুহুৰ্তত জুবিন গাৰ্গৰ পৰিচালকে ত্রই ক্ষেত্রত স্পষ্ট প্ৰকাশ নকৰি হিন্দী গীত গাবই বুলি জনোৱাত শিল্পীগৰাকীৰ সংগীতানুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লয় সমিতিখনে৷
চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিলৈ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই বিহু মঞ্চত জুবিনৰ হিন্দী গীত গাবলৈ নিদি জুবিনৰ সংগীত অনুষ্ঠান বাতিল কৰা পদক্ষেপৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে৷