13
Aug
2018

newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাৰ ভাগত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটোৰ কেইবাটাও ঠাইত গুলিৰ আঘাতৰ চিন স্পষ্টকৈ পৰিলক্ষিত হোৱা দেখা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি উক্ত মৃতদেহটো জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ গুলজাৰ আহমদ ভট নামৰ ব্যক্তিগৰাকী বুলি চিনাক্ত কৰা হৈছে ।
উল্লেখ যে, দেওবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ পৰা সন্ত্ৰাসবাদীয়ে গুলজাৰ আহমদ ভটক তেওঁৰ নিজ বাসগৃহৰ পৰা অপহৰণ কৰিছিল আৰু পাছত ব্যক্তিগৰাকীক গুলিয়াই হত্যা কৰে। আৰক্ষী প্ৰশাসনে জনোৱা মতে, দেওবাৰে নিশা পুলৱামা জিলাত সন্ত্ৰাসবাদীয়ে গুলজাৰ আহমদ ভটক তেওঁৰ নিজ বাসগৃহৰ পৰা প্ৰথমে অপহৰণ কৰিছিল।
ইতিমধ্যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে এই ঘটনাটোৰ লগত হিজবুল মুজাহিদিনৰ হাত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে ।