
ডিজিটেল ডেস্কঃ আজি পবিত্ৰ ঈদ। বিশ্বত শান্তি আৰু সম্প্ৰতি স্থাপনৰ কামনাৰে আজি বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে উলহ মালহেৰে পবিত্ৰ ঈদ-উল-জ্বোহা পালন কৰা পৰিলক্ষিত হৈছে। কিন্তু এই পবিত্ৰদিনটোতো সন্ত্ৰাসজৰ্জৰ কাশ্মীৰত সৃষ্টি হৈছে অপ্ৰিতীকৰ পৰিস্থিতিৰ।
পবিত্ৰ ঈদৰ নামাজ সম্পন্ন কৰি উভটাৰ পথত কাশ্মীৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন আৰক্ষী কৰ্মী নিহত হয়। আনহাতে, শ্ৰীনগৰত একাংশ বিক্ষোভকাৰীয়ে শিলাবৰ্ষণ কৰি পবিত্ৰ ঈদৰ পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হয়।
সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি মতে, বিক্ষোভকাৰীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন ISISৰ পতাকা হাতে হাতে লৈ কাশ্মীৰত অপ্ৰিতীকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।
আনহাতে, কুলগামত নিহত আৰক্ষী কৰ্মীজনে ঈদ উপলক্ষে ছুটি লৈ ঘৰলৈ আহিছিল বুলি জানিব পৰা গৈছে। বুধবাৰে পুৱা ঈদৰ নামাজ আদায় কৰি তেওঁ ঘৰলৈ উভটাৰ পথত হঠাত্ এটা অচিনাক্ত সন্ত্ৰাসবাদীৰ দলে তেওঁ ওপৰত গুলিচালনা কৰে। দেহত কেইবাটাও গুলি লগাৰ ফলত ৩৪ বছৰীয়া আৰক্ষী কৰ্মীজনৰ থিতাতে মৃত্যু ঘটে।