
newsnextone.com | ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো দেওবাৰে জিলা বিজেপিৰ উদ্যোগত দেশৰ সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিনৰ ১১:৩০ বজাত স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগনত আয়োজিত কৰা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়া।
ভাষণ প্ৰসঙ্গত শইকীয়াই কয় যে, যীশুখ্ৰীষ্টৰ জন্মদিনটোত জন্ম লাভ কৰা বাজপেয়ী আছিল ইশ্বৰৰ অৱতাৰ। বেদৰ মন্ত্ৰোচ্চৰেণেৰে ভাষণ আৰম্ভ কৰি শইকীয়াই লগতে উল্লেখ কৰি কয় যে, ভাৰতবৰ্ষৰ লগতে বিশ্বৰ ৰাজনীতিত নিজৰ স্থান উজ্বলাৱলৈ সক্ষম হোৱা মহৎ নেতাগৰাকীয়ে প্ৰমূল্যবোধৰ ৰাজনীতি কৰাৰ কথাও উল্লেখ কৰে।
শত্ৰুৰ মিত্ৰ আছিল সদ্যপ্ৰয়াত ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। বাজপেয়ীৰ সপোন আছিল ভাৰতবৰ্ষক বিশ্বৰ ৰাজনীতিত প্ৰতিষ্ঠা কৰা। তেওঁৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত তেখেতে দেশৰ বাবে বহুকেইখন উন্নয়ণমূলক আঁচনি গ্ৰহন কৰিছিল। আনকি ডিজিটেল ইণ্ডিয়াও আছিল বাজপেয়ীৰ চিন্তাৰ এক অংশ।
কাৰ্যসূচীটোত উপস্থিত থাকে দৰং জিলা বিজেপিৰ সভাপতি নিলীমা দেৱী, ওদালগুৰি জিলা বিজেপিৰ সভাপতি-সাধাৰণ সম্পাদকদ্বয় ক্ৰমে কাৰ্তিক চন্দ্ৰ বড়ো, অজয় কুমাৰ হাজৰিকা আৰু বিৰদাও বসুমতাৰী, জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে ধ্ৰুৱজ্যোতি শৰ্মা, নৱজিৎ দাসৰ লগতে জিলাখনৰ বহুকেইটা মণ্ডলৰ কৰ্মকৰ্তা তথা লোক। কাৰ্যসূচীৰ মাজতে বিভিন্নজনে বাজপেয়ীৰ জীৱনৰ আলোকপাত কৰে।