
newsnextone.com | লিডুঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী লেখাপানী, জাগুন, মাৰ্ঘেৰিটা আদি অঞ্চলত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। একাংশ অসাধু কুখ্যাত বন মাফিয়াই আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি বন বিভাগৰ অজ্ঞাতে অব্যাহত ৰাখিছে চোৰাং কাঠৰ অবৈধ সৰবৰাহ৷
শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটাত পশ্চিম মাৰ্ঘৰিটা বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা এটা বনকৰ্মী দলে এখন চোৰাং কাঠ ভৰ্ত্তি মেক্স গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। পশ্চিম মাৰ্ঘেৰিটাৰ বনাঞ্চলিক বিষয়া টিংকু সিঙে নিশাৰ ভাগত গোপন সুত্ৰে পম খেদি এখন চোৰাং কাঠ ভৰ্ত্তি গাড়ী মাকুমকিল্লাৰ দিশৰ পৰা আহি থকাৰ অৱস্থাত মাৰ্ঘেৰিটা বাগানৰ সমীপত অভিযান চলাই প্ৰায় আশী চিএফটি পৰিমানৰ অবৈধ চোৰাং কাঠ জব্দ কৰাৰ লগতে এএচ ২৩ এ চি/৫৪১৫ নম্বৰৰ এখন মেক্স’ পিক আপ গাড়ী জব্দ কৰে।
জব্দ কৃত গাড়ীখন মাকুম কিল্লাৰ নামৰ এজন বিতৰ্কিত কাঠ মাফিয়াৰ বুলি বিভাগীয় সূত্ৰত প্ৰকাশ৷ বৰ্তমান গাড়ীখন বন বিভাগে নিজৰ জিম্মাত ৰাখি চোৰাং কাঠৰ ব্যৱসায়ত জড়িত লোকৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।
ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে শুকুৰবাৰে নিশা গোপন সুত্ৰৰ খবৰৰ ভিত্তিত লিডু বিৰলা গেটস্থিত সমীপৱৰ্তী এলেকাত চোৰাং কাঠ সৰবৰাহৰ সন্দেহত জাগুনৰ পৰা মাৰ্ঘেৰিটা অভিমুখে গৈ থকা অৱস্থাত এএছ২৩ চিচি ০৪৩৯ নম্বৰৰ এখন কাঠ ভৰ্ত্তি ট্ৰাক জব্দ কৰি লিডু আৰক্ষীক চমজাই দিয়ে৷
উল্লেখ্য যে, গাড়ীখনত থকা জব্দকৃত কাঠ সমূহ চোৰাং হয়নে নহয় সেয়া বৰ্তমানেওঁ নিশ্চিত নহয় যদিও সংগঠনটোৱে সন্দেহৰ ভিত্তিত গাড়ীখন আটক কৰি আৰক্ষীক চমজাই দিয়ে বুলি জানিবলৈ দিয়ে৷
উল্লেখ্য যে, অসম অৰুণাচল সীমান্তৱৰ্তী জাগুন, লেখাপানী, টিপং, মাৰ্ঘেৰিটা আদি এলেকাত একাংশ চোৰাং কাঠ বেপাৰী চক্ৰই সংৰক্ষিত বনাঞ্চল সমূহ ধ্বংস কৰি অবাধ গতিত এনে চোৰাং বেহা অব্যাহত ৰখাৰ কাৰ্যই এতিয়া গভীৰ চিন্তাম্বিত কৰি তুলিছে সচেতন ৰাইজৰ লগতে স্থানীয় বন বিভাগক৷ এচাম বন দুস্কৃতিকাৰীয়ে সংৰক্ষিত বনাঞ্চল সমূহ ধংস কৰি বন বিভাগৰ নাকৰ আগেদিয়েই যে চোৰাং কাঠ সৰবৰাহ কৰে সেয়া এতিয়া এনেবোৰ ঘটনাই স্পষ্ট ৰুপে প্ৰমাণ কৰি তুলিছে৷