​কটাৰীৰে ৰেপিলে কৰ্তব্যৰত আৰক্ষী জোৱানক। আটকাধীন মহিলা গৰাকীক আৰক্ষীৰ জেৰা অব্যাহত

 

তামুলপুৰঃ তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ এগৰাকী ২৪ নং আইআৰবিএনৰ কৰ্মৰত আৰক্ষী জোৱানক সোমবাৰে নিশা প্ৰায় ৯.৩০ বজাত কুমাৰীকাটাৰ বাঁহবাৰীৰ ৰফিদা বেগম (৩৭) নামৰ এগৰাকী মহিলাই আক্ৰমণ কৰে। 

জানিব পৰা  মতে, নিশা বাহবাৰী গাঁৱত এখন চুৰি ২২০ পালচাৰ বাইকৰ বাবে জামালুদ্দিন আহমেদ নামৰ লোকজনে জেহাউল ৰহমান নামৰ যুৱক জনৰ সৈতে তৰ্ক-বিতৰ্ক লাগি থকা সময়তে কুমাৰীকাট আৰক্ষী চকীৰ এটা আৰক্ষী দল তদন্ত কৰিব’লৈ ঘটনাস্থলীত উপস্থিত হয়৷ সেই সময়ত ব্যক্তি দুজনৰ মাজত তৰ্ক বিতৰ্ক লাগি থকাত কৰ্মৰত আৰক্ষী অলকেশ লহকৰ নামৰ বেটেলিয়ান জনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব যোৱাৰ সময়তে ৰফিদা বেগম নামৰ মহিলা গৰাকীয়ে এখন চোকা কটাৰীৰে আৰক্ষী জোৱানগৰাকীক আক্ৰমণ কৰাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। 

ঘটনাৰ পিছত আৰক্ষীয়ে মঙলবাৰে মহিলা গৰাকীক কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। এনে ঘটনাই আৰক্ষীৰ নিৰাপত্তাৰ ক্ষেত্ৰত নিশ্চিত ভাৱে প্ৰশ্ন তুলিছে। ৰাইজৰ নিৰাপত্তাত থকা আৰক্ষীৰে যদি এনে অৱস্থা হয় এনে ক্ষেত্ৰত সাধাৰণ জনতাৰ অৱস্থা কি হ’ব তাক লৈ সচেতন মহলে চিন্তা প্ৰকাশ কৰিছে৷