
newsnextone.com। বিহালীঃ সৰ্বপল্লী ৰাধাকৃষ্ণণনৰ জন্মদিন উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক নগৰী তেজপুৰস্থিত জিলা পুথিভঁৰালত আয়োজিত ৫৭ সংখ্যক শিক্ষক দিৱসত জিলা ভিত্তিক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয়।
এই অনুষ্ঠানত বিহালীৰ ৬ গৰাকী শিক্ষকে কৃতী শিক্ষকৰ বঁটা লাভ কৰি বিহালী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। হাতীবন্ধা মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্রী চন্দনা ৰায় ভুঞা,থান বিহালী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্রী অজন্তা কলিতা,পূৱ বিহালী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্রী লখিমী দত্ত বৰা,জনতা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক উমা শৰ্মা, সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ঘনশ্যাম বৰা আৰু তিনিসুতি হাইস্কুলৰ প্ৰধান শিক্ষক ৰোহিনী শৰ্মাক বঁটা প্ৰদান কৰা হয়।
বঁটা প্ৰাপক শিক্ষক কেউগৰাকীক বিশ্বনাথ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক প্ৰদীপ শৰ্মা,সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ ৰাজ্যিক সমিতিৰ সদস্য গজেন শৰ্মা, বিশ্বনাথ জিলা মজলীয়া স্কুল শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি সোমনাথ পোখৰেল, বিশ্বনাথ জিলা মজলীয়া স্কুল শিক্ষক সন্থাৰ সভাপতি সম্পাদক ক্ৰমে হিৰণ্য হাজৰিকা আৰু ৰাজকুমাৰ কট্টেল, বিষয়ববীয়া ভবেন বৰঠাকুৰ আৰু কপিলমুনি হোমাগাই, বিশ্বনাথ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সম্পাদক ক্ৰমে দুলাল বৰা আৰু পৰেশ বৰা, বিহালী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া নৱৰত্ন কাকতি,চিপিআই(এমএল)ৰ কেন্দ্ৰীয় সদস্য বিবেক দাস,অসম ৰাজ্যিক কংগ্ৰেছ সমিতিৰ সম্পাদক প্ৰেমলাল গঞ্জু,অগপৰ বিহালী সমষ্টি সমিতিৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা বিশ্বজিত গোস্বামী,বিশ্বনাথ জিলা জ্যেষ্ঠ্য নাগৰিক সন্মিলনৰ সম্পাদক থানুৰাম শৰ্মা,সাংস্কৃতিক মহাসভা বিহালী আঞ্চলিক সমিতিৰ সভাপতি ডিম্বেশ্বৰ গোস্বামী,বিশ্বনাথ মহকুমা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰা,বিহালী প্ৰেছ ক্লাৱৰ সভাপতি বিৰেন্দ্ৰনাথ গোস্বামী,আপকুৰ বিশ্বনাথ জিলা সমিতিৰ সভানেত্রী প্ৰনীতা ৰায় ভূঞা আৰু সহকাৰী সম্পাদক দিগন্ত শইকীয়া,বিশ্বনাথ মহকুমা ছাত্র সন্থাৰ সম্পাদক মানসজ্যোতি দাস জিনজিয়াৰ সাংবাদিক আব্দুল বাৰেককে ধৰি বিহালীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰে।
উল্লেখযোগ্য যে বঁটা প্ৰদান অনুষ্ঠানত বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই বন্তি প্ৰজ্বলক, তেজপুৰ বিশ্ব বিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মা নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে।
তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন শিক্ষামন্ত্রী বৃন্দাবন গোস্বামী, ৰাষ্ট্ৰীয় কৃতী শিক্ষক বেনুধৰ কাকতি,ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি শোণিতপুৰ জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক তথা শিক্ষক দিৱস উদযাপন সমিতিৰ সম্পাদক প্ৰভাত দাস সভাত উপস্থিত থাকে।