
newsnextone.com৷ ধুবুৰীঃ ধুবুৰী জিলাৰ বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰৰ বাঙালীপাৰা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ওচৰত চাৰিচকীয়া মাৰুতি চুজুকী দুৰ্ঘটনাত পথচাৰী দুজন লোকৰ মৃত্যুৰ লগতে দুজন আহত হয়। ঘটনা বিৱৰণী মতে বাঙালীপাৰা গাঁৱৰ দুজন শিশুকে ধৰি দুগৰাকী মহিলাই নিজ গাঁৱৰ পৰা আনুমানিক ০২.৩০ বজাত বান্ধৱ পাৰাৰ পৰা আত্মীয় ঘৰলৈ যাওঁতে বাঙালীপাৰা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ওচৰত পকী ৰাস্তাৰ কাষতে থিয় হৈ গাড়ীৰ বাবে অপেক্ষা কৰি আছিল৷ থিয় হৈ থকাৰ অৱস্থাতে কোকৰাঝাৰ পৰা বিলাসীপাৰা হৈ AS- 16 A--1651 নং মাৰুতি চুজুকী চাৰিচকীয়া বাহন ধুবুৰী অভিমুখে গৈ থকা গাড়ী খনে ব্যতিক্ৰম কৰি খুন্দা মৰাত এজন শিশু থিতাতে মৃত্যু হয়৷ আনহাতে এজন শিশু মাতৃ কোলাৰ পৰা ছিটিকী ৰাস্তাৰ সিপাৰে দ’ গাঁতৰ পানীত পৰে আৰু মহিলা দুগৰাকী আহত হয়।
আহঁত মহিলা দুগৰাকী আৰু তিনি মহীয়া শিশু গৰাকীক ততালিকে বিলাসীপাৰা চিকিত্সালয়ত ভৰ্তি কৰোৱা হয়৷ যদিও অক্সিজেন গেছ অবিহনে গুৰুত্বৰ মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ অৱশেষত উন্নতি চিকিৎসাকৰণৰ বাবে কোকৰাঝাৰ চিকিৎসাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকৰ গাফিলতিৰ বাবে মহিলাগৰাকীয়ে মৃত্যুক আকোঁৱালি লয়৷ ইফালে সংকটজনক অৱস্থাত থকা আন গৰাকী মহিলাক উন্নত চিকিৎসাৰ বাবে দুঘন্টা পলমকৈ ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। তিনি মহীয়া শিশু গৰাকী চিকিত্সালয়ত চিকিৎসাধীন হৈ আছে যদিও সংকট মুক্ত নহয়।
উল্লেখযোগ্য যে দুৰ্ঘটনাত মৃত্যু আৰু আহঁত হোৱা লোকক বৰ্তমানে চিনাক্তকৰণ কৰা হৈছে। বাঙালীপাৰা গাঁৱৰ আফজালুৰ ৰহমানৰ পত্নী চহিদা বিবি (৩২) পুত্র শ্বাহীদ আলম (৮) মৃত্যু আৰু ছোৱালী আফছানা বেগম (২০) তিনি মহীয়া নাতি জন আহঁত হয়। এনে দুৰ্ঘটনাত মৃত্যু বৰণ কৰা আহঁত হোৱা পৰিয়ালক লৈ গাফিলতি কৰা বিভিন্ন দল সংগঠনৰ লগতে প্ৰশাসনৰ আৰু বিলাসীপাৰা চিকিৎসালয় কতৃপক্ষক তীব্ৰ ধিক্কাৰ দিয়ে। ঘটনা সংঘটিত কৰা মদাহী গাড়ী চালক জনক প্ৰশাসনে কৰায়ত্ব কৰিছে যদিও স্থানীয় দল সংগঠন সমূহে ক্ষোভ প্ৰকাশ কৰিছে৷ যদিহে প্ৰশাসনে মদাহী চালক জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসুচী গ্ৰহণ কৰিবলৈ দল সংগঠন সমূহে বাধ্য হ’ব জানিবলৈ দিয়ে প্ৰশাসনক৷