
newsnextone.com | নগাঁওঃ টকিঅ' অলিম্পিকলৈ স্বৰ্ণকন্যা হিমা দাস সাজু হৈ উঠিছে। সময়ৰ ছন্দত নাচক হিমাৰ দ্ৰুতি। এই আশাৰে স্বেচ্ছাসেৱী সংগঠন "ৰোডছ"-এ ওঠৰ বছৰীয়া দৌৰ ৰাণীগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ ইতিমধ্যে ১৭ জোপাকৈ মূল্যৱান গছ ৰোপণ কৰিছে তেওঁৰ পিতৃগৃহ কান্ধুলীমাৰী ৰাজপথত। ১১ তাৰিখে ১৮ সংখ্যক 'টকিঅ' প্লান' নামৰ আন এজোপা মূল্যৱান জাপানী গছ ৰোপণ কৰে অসম গৌৰৱ হিমা দাসে। টকিঅ' অলিম্পিক ২০২০ত জাতিষ্কাৰ হৈ উঠক হিমা দাস, তাৰ প্ৰতি লক্ষ্য কৰি গুৰু জনাৰ তিৰোভাৱ তিথি উপলক্ষে বটদ্রৱাৰ টেম্বুৱনী জানৰ পাৰত টকিঅ' বৃক্ষৰোপণ কৰি হিমালৈ উৎসৰ্গিত কৰে ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন ৰোডছে।
হিমাই আৰম্ভ কৰিছে এক বৰ্ণিল যাত্ৰাৰ ইতিহাস। অসম জীয়ৰী গৰাকীৰ যাত্ৰাপথ এই গছজোপাৰ দৰেই আগন্তক টকিঅ' অলিম্পিকত ডাল পাত, ফুল-ফলে জাতিষ্কাৰ হৈ পৰাৰ কামনা কৰিছে স্বেচ্ছাসেৱী সংগঠন ৰোডছে। হিমা দাসৰ উপৰি প্ৰশিক্ষক নিপন দাস, নৱজ্যোতি মালাকাৰ আৰু নেকিবুৰ ৰহমান হাজৰিকায়ো একোটিকৈ গছপুলি ৰোপণ কৰে। এচিয়ান গেমচত উৰন্ত কন্যা হিমা সোণ হৈ উজলিল। ফিনলেণ্ডতো বিশ্ব ২০ বছৰ অনুৰ্দ্ধৰ ৪০০ মিটাৰ দৌৰতো লাভ কৰিছিল সোণৰ পদক। ধিং এক্সপ্ৰেছ হিমা দাসক বিভিন্নজনে বিভিন্ন পুৰষ্কাৰ বা উপহাৰেৰে ভৰাই তুলিছে যদিও ৰাজ্যখনৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠনটোৱে তেওঁলৈ আগবঢ়াইছে ব্যতিক্ৰমী সন্মান। স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মকৰ্তাই হিমা দাসৰ ওঠৰ বছৰীয়া বয়সৰ লগত ৰজিতা খুৱাই ওঠৰ জোপা বিৰল প্ৰজাতিৰ বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছিল। পিতৃ ৰঞ্জিত দাসে আবেগিক হৈ কয় যে আমি বহু সন্মান লাভ কৰিছো, বৃক্ষৰোপণৰ দৰে মহৎ কাৰ্য সম্পন্ন কৰি নিজকে গৌৰৱ অনুভৱ কৰিছো, প্ৰকৃত আনন্দ আজি লাভ কৰিছো। হিমাৰ সাফল্য কামনা কৰি সংগঠনটোৱে অহা দহ বছৰলৈকে এজোপাকৈ বৃক্ষ ৰোপন কৰা হ’ব বুলি ৰোডছৰ সম্পাদক নেকিবুৰ ৰহমান হাজৰিকাই জানিবলৈ দিছে।