newsnextone | নগাঁওঃ দিনক দিনে আত্মহত্যা, হত্যাকাণ্ড, ধৰ্ষণৰ দৰে কাণ্ডই অধিকতৰত গা কৰি উঠিছে৷ যাৰ বাবে সকলোৱে সতৰ্ক ৰখাটো উচিত৷ এনেধৰণৰ এক কাণ্ড সংঘটিত হয় নগাঁৱত৷ নগাঁৱৰ বেবেজীয়াত সংঘটিত হোৱা কাণ্ডই সকলোকে নিস্তব্ধ কৰি তোলে৷ গাঁৱৰে পুখুৰীৰ পাৰত মৃতদেহ উদ্ধাৰ হ’ল এজন যুৱকৰ৷ জানিব পৰা মতে পুৱা ৭ বজাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ উল্লেখযোগ্য যে বেবেজীয়াৰ খাটগুৰিৰ নিৱাসী দীপজ্যোতি নাথৰ মৃতদেহ বুলি চিনাক্তকৰণ হয়৷ এয়া আত্মহত্যা, নে হত্যাকাণ্ড তাৰ বিষয়ে আৰক্ষীৰ তদন্তৰৰ পাছতহে পৰিলক্ষিত হ’ব৷