
newsnextone.com| যোৰহাটঃ জিলা প্ৰশাসনৰ উদ্যোগত তথা যোৰহাট পূব ৰাজহচক্ৰৰ সহযোগত অাজি নগৰৰ সমীপৱৰ্তী জয়া বিদ্যাপীঠত অৰুণাচল প্ৰদেশ, ইটানগৰ, দৈমুখৰ ১২ বিএন এনডিঅাৰএফে বিদ্যালয় সুৰক্ষা সম্পৰ্কীয় এক কাৰ্যসূচী ৰূপায়ণ কৰে। ভূমিকম্প, বানপানী, আপদকালীন সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে এনডিঅাৰএফৰ উপ পৰিদৰ্শক ওমৰাৱ সিং ৰাৱতে বহুল ব্যাখ্যা দাঙি ধৰে। প্ৰায় ৪ শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত এনডিঅাৰএফৰ অমিত ভট্ট, দীপু কুমাৰ দাস, ধৰ্মেন্দ্ৰ কুমাৰ দাস, দেবেন্দ্ৰ কুমাৰ, বিক্ৰম কুমাৰ অাৰু অজিত সিং নায়কে দুৰ্যোগৰ সময়ত গ্ৰহণ কৰিব লগা বিভিন্ন কৌশল প্ৰদৰ্শন কৰে।
কাৰ্যসূচীত জয়া বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী ৰীতা বৰুৱা গগৈ ,টাইচাবৰ উপসভাপতি হেৰম্ব প্ৰসাদ ফুকন, ৰাজমাও পুখুৰী সুৰক্ষা সমিতিৰ সভাপতি ধ্ৰুৱজিত গগৈ, জয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ মণিৰাম লাহন, যোৰহাট পূব ৰাজহ চক্ৰৰ দুৰ্যোগ ব্যৱস্হানা বিভাগৰ ক্ষেত্ৰ বিষয়া সম্ভ্ৰান্ত ভৰদ্বাজ, বিশিষ্ট নাগৰিক সূৰ্য গগৈ, তপন বুঢ়াগোঁহাই, জ্যোতি গগৈ অাদি ভালেসংখ্যক লোক উপস্হিত থাকে। উল্লেখ্য যে স্বচ্ছ ভাৰত অভিযানৰো এক কাৰ্যসূচী দলটোৱে ছাত্ৰ-ছাত্ৰী সকলকলৈ সমাপন কৰে। শেষত শলাগ জ্ঞাপন কৰে জয়া বিদ্যাপীঠৰ ৰীতা বৰুৱা গগৈয়ে।