
newsnextone.com | ওদালগুৰিঃ বৃহস্পতিবাৰে বিয়লি অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা প্ৰশাসনৰ পৰা প্ৰেৰণ কৰা এখন পত্ৰই জোকাৰিছে ওদালগুৰি জিলা প্ৰশাসনক। পত্ৰখন লাভ কৰাৰ পাছতেই জিলা প্ৰশাসনৰ নিদ্ৰাহৰণ হৈছে। লগে লগে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। সতৰ্ক কৰি দিয়া হৈছে ওদালগুৰি জিলাৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া জিলাসমূহৰ জৰুৰীকালীন সেৱাৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগসমূহক।
যিকোনো সময়তে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা নাৰগাম নদীয়ে। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ অতিৰিক্ত উপায়ুক্তই প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে যে, অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ ফলত য়োলংগ্ৰীপাম অঞ্চলত প্ৰচুৰ পৰিমাণে ভূমিস্খলন সংঘটিত হৈছে।
পাহাৰত হোৱা ভূমিস্খলনে য়োলংগ্ৰীপাম অঞ্চলেৰে বৈ অহা নাৰগাম নদীৰ বুকুত জমা কৰিছে মাটি আৰু শিলৰ বৃহৎ অংশ। ফলত নদীৰ স্বাভাৱিক গতি বন্ধ হৈ পৰাৰ উপৰিও উক্ত অঞ্চলত আৱদ্ধ হৈ আছে নদীখনৰ এক বৃহৎ পৰিমাণৰ পানী। এই পানীয়ে যিকোনো মূহুৰ্ততে নদীখনৰ নামনি অংশলৈ গতি কৰাৰ আশংকা প্ৰকাশ কৰিছে অৰুণাচলৰ পশ্চিম কামেং জিলাৰ প্ৰশাসনে।
যদিহে এই বৃহৎ পৰিমাণৰ পানী হঠাৎ নামনি অংশলৈ বৈ আহে তেন্তে অসম-অৰুণাচল সীমান্তত অৱস্থিত ভৈৰৱকুণ্ডৰ মাজেৰে বৈ অহা জামপানী নদীখনে ৰূদ্ৰৰূপ ধাৰণ কৰাৰ উপৰিও ওদালগুৰিৰ বিভিন্ন প্ৰান্তত সংহাৰী বানৰ সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰিছে ওদালগুৰি প্ৰশাসনে। ফলত ভৈৰৱকুণ্ড অঞ্চলৰ নৈপৰীয়া ৰাইজক মাছমৰা, নদীৰ বালি খনন কাৰ্য চলোৱাৰ লগতে নদীখনত যিকোনো কাৰ্য কৰাত ৰাইজক বাধা আৰোপ কৰিছে প্ৰশাসনে।
উল্লেখযোগ্য যে, পত্ৰখন লাভ কৰাৰ পাছতে ওদালগুৰি জিলা প্ৰশাসন অধিক তৎপৰ হোৱাৰ লগতে জৰুৰীকালীন বিভাগসমূহক সতৰ্ক কৰি দিছে।