newsnextone.com | মানকাছাৰঃ সীমান্ত বৈৰী ৰাষ্ট্ৰ ভাৰত আৰু বাংলাদেশৰ মাজত সৌদাৰ্দপূৰ্ণ সম্পৰ্ক স্থাপন কৰাৰ মানসেৰে মঙলবাৰে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মেঘালয়ৰ ডালু কিল্লাপাৰাত বাংলাদেশৰ বিজিবিৰ উচ্চ পৰ্য্যয়ৰ বিষয়াৰ দল এটাৰ সৈতে বিজিবিৰ মহা আৰক্ষী অধীক্ষক শ্বাফিনূল ইছলাম উপস্থিত হৈ এক আলোচনাত মিলিত হয়।

দুই দেশৰ মাজত মধুৰ সম্পৰ্ক বজাই ৰখাৰ কাৰণে কিল্লাপাৰা কেম্পত ভাৰতীয় সীমান্ত সেনাৰ ডি আই জি বিজয় থাপৰিয়েলৰ নেতৃত্বত ভালে কেইজন বিষয়াৰ লগত বাংলাদেশৰ বি জি বিৰ ডি জিমহা আৰক্ষী অধীক্ষকে এক সৌহাদ্য পূৰ্ণ আলোচনাত মিলিত হয়।

প্ৰায় আধা ঘণ্টা সময় দুই দেশৰ সেনা প্ৰধানে বিভিন্ন আলোচনা দিশৰ আলোচনা পৰ্বত বি এছ এফ ৰ ভিসাল ৰানে, কমানডেন্ট ২৬ বি এন, এছ প্ৰসাদ কমানডেন্ট ২০ বি এন, সুকুমাৰ পাটনায়ক কমানডেন্ট উপস্থিত থাকে।