newsnextone.com| ওদালগুৰিঃ দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ ওদালগুৰি চহৰত আৰম্ভ হ'ল ষ্টোনমেনৰ সন্ত্ৰাস৷ বিগত বৰ্ষৰ মাজভাগৰ পৰা ওদালগুৰিত প্ৰায় প্ৰতিদিনে সন্ত্ৰাস চলাই আহিছিল এই ষ্টোনমেনে। সন্ধিয়া হ'লেই অচিনাক্ত লোকে কলেজীয়া ছাত্ৰী অথবা, মহিলাৰ গালৈ শিলেৰে আক্ৰমণ কৰে। ফলত একপ্ৰকাৰ সন্ধিয়া হ'লেই আতংকত ভূগিছিল বিভিন্ন কামত বাহিৰলৈ ওলাই অহা মহিলা তথা যুৱতীসকল। বিগত বৰ্ষৰ দূৰ্গাপূজাৰ ষষ্ঠীৰ নিশা ওদালগুৰি মিচন ৰোডত এগৰাকী যুৱতীক নিজৰ ঘৰৰ সন্মুখতে ষ্টোনমেনে আক্ৰমণ কৰি আহত কৰিছিল। 

ইয়াৰ পাছত ৩ নৱেম্বৰ তাৰিখে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত এগৰাকী ছাত্ৰীক শিলেৰে আক্ৰমণ কৰাৰ ফলত চিকিৎসাধীন হ’ব লগা হৈছিল। আনহাতে ২৭ নৱেম্বৰৰ নিশা পুনৰ ওদালগুৰি মিচন ৰোডত এগৰাকী যুৱতী শিলাক্ৰমণৰ ফলত আহত হোৱাৰ পাছত ৪ ডিচেম্বৰ তাৰিখে ওদালগুৰি চিক্ৰেট হাৰ্ট ইংলিচ স্কুলৰ সমীপত এগৰাকী স্কুলীয়া ছাত্ৰীক শিলেৰে আক্ৰমণ কৰাত ছাত্ৰীগৰাকী গুৰুত্বৰ ভাৱে আহত হৈ ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈছিল। ইয়াৰ পাছতে ৫ ডিচেম্বৰ তাৰিখে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই ষ্টোনমেনৰ ঘটনাৰ সৈতে জৰিত দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছিল। 

আৰক্ষীয়ে দুয়োজন যুৱককে জেললৈ প্ৰেৰণ কৰাৰ পাছত ক্ৰমাৎ চহৰখনত নোহোৱা হৈ পৰাছিল ষ্টোনমেনৰ আতংক। কিন্তু কালি সন্ধিয়া পুনৰ ষ্টোনমেনৰ আক্ৰমণত আহত হ’বলগীয়া হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত অধ্যয়ণৰত পিতৃ কমলা কান্ত বড়োৰ কন্যা জনৈক বড়ো (১৮)। ঘটনাৰ বিৱৰণী মতে ১৮ বছৰীয়া  ছাত্ৰীগৰাকীয়ে কোনো সামগ্ৰী ক্ৰয় কৰাৰ উদ্দেশ্যৰে সন্ধিয়া চহৰখনলৈ ওলাই গৈছিল। ইয়াৰ পাছত যেতিয়া তেওঁ কঠালগুৰিস্থিত নিজৰ গৃহলৈ বুলি ৰাওনা হয়৷ তেতিয়া ওদালগুৰি চিক্ৰেট হাৰ্ট স্কুলৰ সমীপত সন্ধিয়া প্ৰায় ৬:৪৫ বজাত মটৰচাইকেলেৰে অহা দুই দুৰ্বৃত্তই যুৱতীগৰাকীলৈ লক্ষ্য কৰি শিলেৰে আক্ৰমণ কৰে। শিলটোৱে ছাত্ৰীগৰাকীৰ পেটত আঘাত কৰে। শিলাক্ৰমণৰ ফলত আহত যুৱতীগৰাকীয়ে নিজৰ বাসগৃহলৈ যায় যদিও পেটৰ বিষ অনুভৱ কৰাত নিশা প্ৰায় ১১:৩০ বজাত যুৱতীগৰাকীক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে যুৱতীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ চিটীস্কেন কৰাৰ পৰামৰ্শ দিয়ে বুলি অভিভাৱকে জানিবলৈ দিয়ে। 

ঘটনা সন্দৰ্ভত অভিভাৱকে ওদালগুৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে। ইপিনে আৰক্ষীসূত্ৰে সাংবাদিকক জানিবলৈ দিয়া মতে বৰ্তমান ছাত্ৰীগৰাকী চিকিৎসাধীন হৈ আছে।