newsnextone.com| নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ইতিহাস বিজড়িত ঐতিহাসিক শ্ৰীশ্ৰী বটদ্ৰৱা থান বৰ্তমান এটা বিশেষ ৰাজনৈতিক দলৰ ৰাজনীতিৰ পথাৰলৈ পৰ্যবেশীত হৈছে বুলি উঠা অভিযোগৰ সত্যতাৰ প্ৰতিছব্বি আজি পৰিলক্ষিত হ'ল বটদ্ৰৱা থানত অনুষ্ঠিত হোৱা শংকৰদেৱৰ জন্মজয়ন্তী উৎসৱত৷ কিয়নো, জন্মজয়ন্তী উপলক্ষে আয়োজিত ধৰ্মালোচনী সভাৰ মঞ্চত দেখা পোৱা নগ'ল এজনো বৈষ্ণৱ পণ্ডিত, গৱেষক, আলোচক তথা অতিথি সত্ৰাধিকাৰ৷ ইয়াৰ বিপৰীতে গুৰুজনাৰ ৫৭০ সংখ্যক জন্মজয়ন্তীৰ তৃতীয় দিনাৰ মূল কাৰ্যসূচী হিচাপে আয়োজিত ধৰ্মালোচনী সভাখন একপ্ৰকাৰে শাসকীয় দলটোৰ দলীয় কৰ্মীসভালৈহে পৰিবৰ্তিত হোৱা দেখা গ'ল৷ বটদ্ৰৱা থানৰ গুৰুজয়ন্তী উপলক্ষে পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত ধৰ্মালোচনী সভাত আজি মূখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৷ য’ত সমালোচনাৰ প্ৰতি লক্ষ্য ৰাখি ৰঞ্জিত দাসক সম্বোধণ কৰা দেখা গ'ল অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বুলিহে৷ 

আনহাতে, ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়িকা আঙুৰলতা ডেকা আৰু এটা ব্যক্তিগত টি ভি চেনেলৰ স্বত্তাধিকাৰ সঞ্জীৱ নাৰায়ণ৷ কিন্তু আজিৰ ধৰ্মালোচনী সভালৈ গৱেষক, পণ্ডিত, আলোচক আদি নিমন্ত্ৰণ কৰাৰ বিপৰীতে মন্ত্ৰী, বিধায়কক নিমন্ত্ৰন কৰাক লৈ হোৱা ব্যাপক সমালোচনাৰ পৰিপ্ৰেক্ষিতত সভা অনুপস্থিত থকা দেখা গ'ল মন্ত্ৰী কেশৱ মহন্তকে প্ৰমুখ্য কৰি কেইবাজনো বিধায়কৰ লগতে কলাক্ষেত্ৰ সমাজৰ উপাধ্যক্ষ সূৰ্য হাজৰীকা, নগাঁও জিলা উপাযুক্ত বিশ্বজিৎ পেগু তথা আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধি৷ 

তাৎপৰ্যপূৰ্ণভাৱে আজিৰ ধৰ্মালোচনা সভাত পৰিচালনা সমিতিৰ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়া, সদস্যসকলৰ বাহিৰে  বটদ্ৰৱাৰ দুই সত্ৰৰ ৰাইজৰ উপস্থিতি পৰিলক্ষিত নহ'ল৷ ইয়াৰ বিপৰীতে সভাখনত উপস্থিত থাকে শতাধিক বিজেপিৰ দলীয় কৰ্মী৷ কাজেই, মহাপুৰুষজনাৰ জন্মজয়ন্তীৰ দৰে এটি পবিত্ৰ অনুষ্ঠানত উদ্ভৱ হোৱা এনে অনাহুত পৰিস্থিতিক কেন্দ্ৰ কৰি এতিয়া সৰ্বত্ৰে ব্যাপক চৰ্চা চলিছে৷ ইফালে,বটদ্ৰৱা সমষ্টিৰ বিধায়িকাগৰাকীক নিৰ্বাচনত জয়ী কৰোৱাত বিশেষ ভূমিকা গ্ৰহন কৰা বৰ্তমানৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰন সম্পাদকজনৰ  পৃষ্ঠপোষকতাত গুৰুজনাৰ জন্মস্থানৰ ঐতিহাসিক বটদ্ৰৱা থানখন নিজৰ ৰাজনৈতিক লিপ্সা পূৰণৰ বাবে ব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷