23
Sep
2018

newsnextone.com:ভূপেন হাজৰিকাৰ দীৰ্ঘদিনীয়া সঙ্গী তথা বিশিষ্টা চলচিত্ৰ নিৰ্মাতা কল্পনা লাজমীৰ আজি পুৱা ৪:৩০ বজাত মুম্বাইৰ এখন ব্যক্তিগত হস্পিতালত মৃত্যু ঘটে।মৃত্যুৰ সময়ত তেখেতৰ বয়স ৬৪ বছৰ আছিল।
উল্লেখযোগ্য যে তেখেতে বহুদিনৰ পৰাই কিডনীৰ কৰ্কট ৰোগত ভূগী আছিল।মুম্বাইৰ আছিৱাৰা শ্মসানত আজি দিনৰ ১ বজাত তেখেতৰ শেষ কৃত্য সম্পন্ন কৰা হ'ব।
ভূপেন হাজৰিকাৰ সহচৰ আৰু এগৰাকী অতি সাহসী চলচিত্ৰ পৰিচালিকা হিচাপে কল্পনা লাজমীক সকলোৱে সদায় মনত ৰাখিব।তেখেতে "একপল","ৰুদালী","চিঙ্গাৰী" আদি নাৰীকেন্দ্ৰীক চলচিত্ৰ নিৰ্মান কৰিছিল।২০০৬ চনৰ পিচৰ পৰা কোনো চলচিত্ৰৰ নিৰ্দেশনা কৰা নাছিল।