
newsnextone.com। শিৱসাগৰঃ শিৱসাগৰ জিলাৰ টেক্সী মঠাদাংত দেওবাৰে পুৱতি নিশা সংগঠিত হয় এই জঘন্য হত্যাকাণ্ড। ক্ষীৰোদ হাজৰিকা নামৰ পাষান হৃদয়ৰ পুত্ৰই মাতৃ যোগদা হাজৰিকাক গাত কেৰাচিন তেল ঢালি জুই লগাই দিয়ে।
জানিব পৰা মতে, যোগদা হাজৰিকাৰ দেহৰ প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ হৈ পৰে। স্থানীয় ৰাইজে সংকটজনক অৱস্থাত মহিলা গৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও মৃত্যুক সাৱতি ল’ব লগা হয়।
ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ক্ষীৰোদ হাজৰিকাক। পৰৱৰ্তী সময়তহে জনিব পৰা যাব ঘটনাৰ প্ৰকৃত ৰহস্য। আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।