04
Oct
2018

ডিজিটেল ডেস্কঃ দেশবাসীৰ বাবে সুখবৰ! আজি কেন্দ্ৰীয় চৰকাৰে মাজ নিশাৰ পৰা প্ৰযোজ্য হোৱাকৈ পেট্ৰ'ল আৰু ডিজেলৰ মুল্য প্ৰতি লিটাৰত ২.৫০ টকাকৈ হ্ৰাস কৰিছে। বৃহস্পতিবাৰে নতুন দিল্লীত এখন সংবাদমেলক সম্বোধন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুন জেটলীয়ে আজি এই কথা প্ৰকাশ কৰে।
‘‘কেন্দ্ৰীয় চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলত আৱকাৰী শুক্ল ১.৫০ টকাকৈ হ্ৰাস কৰিছে আৰু বাকী ১.০০ টকা তৈল বিপনন কোম্পানী হ্ৰাস কৰিবলৈ চৰকাৰে ইতিমধ্যেই নিৰ্দেশ দিছে’’ বুলি বিত্তমন্ত্ৰী গৰাকী কয়৷
বিত্তমন্ত্ৰী গৰাকীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যচৰকাৰ সমুহলৈ এই পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত থকা ভেট (VAT) নাইবা বিক্ৰীকৰ হ্ৰাস কৰি আৰু ২.৫০ টকা কম কৰিবলৈ নিৰ্দেশ দিব বুলি সদৰি কৰে।