
newsnextone তামোলপুৰঃ বাক্সা জিলাৰ তামুলপুৰত আজি সন্ধিয়া ৬-৩০ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত তিনিজনকৈ যুৱক গুৰুতৰ ভাবে আহত হয়। ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচকত আজি সন্ধিয়া দুখন তীব্ৰ বেগী বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এখন বাইকত দুজন আৰু এখন বাইকত এজন আৰু এখন বাইকত দুজনকৈ আৰোহী আছিল। পথ দুৰ্ঘটনাতোত তিনিওজন যুৱক গুৰুতৰ ভাৱে আহত। আহত লোক তিনিওজনক স্থানীয় লোকৰ সহযোগত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ।
আহত লোক সকল ক্ৰমে তামুলপুৰ ভকতপাৰাৰ বিশ্ব দাস (১৮), তামুলপুৰৰ কলকুছিৰ মুইমাৰিৰ দিলীপ বড়ো( 18) আৰু তামুলপুৰৰ উদালগুৰিৰ চমেন বসুমতাৰী (35) বুলি জানিব পৰা গৈছে। আহত আটাইকেজনকেই তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।