newsnextone.com| বটদ্ৰৱাঃ বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বিধায়ক-মন্ত্ৰী গৌতম বৰাই আধাৰশিলা স্থাপনেৰে নিৰ্মান কাৰ্য আৰম্ভ কৰি বৰ্তমান চৰকাৰৰ  আৰম্ভনীতে বিধায়িকা আঙুৰলতা ডেকাই মুকলি কৰা বটদ্ৰৱা সমষ্টিৰ আহোমগাঁও স্থিত ধিং কস্তুৰবা গান্ধী বিদ্যালয়খনত নিৰ্মান সম্পূৰ্ণ হোৱাৰ দুটা বছৰ পাৰ নহওতেই পদে পদে বিপদৰ আশংকাত সময় অতিবাহিত কৰিবলগাত পৰিছে আবাসিক বিদ্যালয়খনৰ শতাধিক ছাত্ৰী ৷ 

তদানীন্তন বিধায়ক গৌতম বৰাৰ সোঁহাত স্বৰূপ খগেন গায়ন নামৰ ঠিকাদাৰজনে প্ৰায় দুই কোটিৰ ঠিকা লাভ কৰি মাত্ৰ কেইবালাখ টকা ব্যয় কৰি নিৰ্মান কৰা বিদ্যালয়খনৰ বিভিন্ন গৃহ, দেৱাল, বিজুলী ব্যৱস্থাকে আদি কৰি প্ৰতিটো কাম অতি নিম্ন মাণদণ্ডৰ হোৱাৰ পৰিপেক্ষিতত নিৰ্মান সম্পূৰ্ণ হোৱাৰ পিছৰে পৰা লাহে লাহে অ'ত ত'ত ভাঙিবলৈ-খহিবলৈ আৰম্ভ কৰে ৷ এতিয়া এনে এক পৰ্যায় পাইছেগৈ যে  ভৱনটোৰ ওপৰৰ মহলাৰ পৰা আৰম্ভ কৰি তললৈকে যেনিয়ে তেনিয়েই মাথো বিপদ ৷ কোন সময়ত ফাট মেলা ভৱনৰ ছাদখনকে আদি কৰি কেইবাখনো দেৱাল খহি পৰে তাৰ কোনো নিশ্চয়তা নাই ৷ আনকি অলপ বতাহ মাৰিলেই খিৰিকীৰ গ্ৰীলবোৰে কৰা ভযংকৰ শব্দই আতংকিত কৰি তোলে ছাত্ৰী-শিক্ষয়িত্ৰী সকলক ৷

আশ্চৰ্যজনক ভাৱে, দুইকোটি টকা আৱন্টনেৰে নিৰ্মান হোৱা আৱাসিক বিদ্যালয়খনত নহ'ল কোনো বিশুদ্ধ পানীযোগানৰ ব্যৱস্থা ৷ ফলশ্ৰুতিত উপায়ন্তৰ হৈ দমকলৰ পানীৰেই মুকলিভাৱে গা-ধুৱাৰ পৰা আৰম্ভ কৰি সকলো কৰিবলৈ বাধ্য হৈছে ছাত্ৰী-শিক্ষয়িত্ৰী ৷ 

অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীসকলে শিক্ষালাভ কৰিবলৈ স্থাপন কৰা এই আবাসিক বিদ্যালয়খনৰ নিৰ্মানৰ ক্ষেত্ৰত চুড়ান্ত দূৰ্নীতি অনিয়ম সংঘটিত কৰি সংশ্লিষ্ট দায়িত্বপ্ৰাপ্ত বিষয়া-অভিযন্তা-ঠিকাদাৰে কোটি টকা আত্মসাৎ কৰা ফলস্বৰূপে দেখাত সুউচ্চ অট্টালিকাস্বৰূপ ভৱন, দেৱাল সকলো জহি খহি যাবলৈ ধৰিছে ৷ এই অৱস্থাত চৰম নিৰাপত্তাহীনতা তথা যমৰ যান্ত্ৰনা ভুগি ভুগি শিক্ষাগ্ৰহন কৰি পাৰ কৰিছে দুৰ্বিসহ দিন ৰাতি ৷ 

বিশাল পথাৰৰ মাজত সন্মুখতে এটা বৃহৎ পুখুৰীৰ স'তে সম্পূৰ্ণ নিৰাপত্তাহীন পৰিবেশত শতাধিক অতি দৰিদ্ৰ ছাত্ৰীৰ শিক্ষাগ্ৰহনস্থলী বটদ্ৰৱা বিধানসভা সমষ্টিত অন্তৰ্গত আহোমগাওঁৰ ধিং কস্তুৰবা গান্ধী বালিকা বিদ্যালয়খনৰ এনে অৱস্থা সম্পৰ্কে জ্ঞাত হৈয়ো এই  ক্ষেত্ৰত চকু মুদা কুলিৰ ভাওঁত থকা স্থানীয় বিধায়িকা আঙুৰলতা ডেকা, বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'বেটী বচাও বেটী পঢ়াও' শ্লোগানক চুড়ান্তভাৱে ভেঙুচালী কৰিছে বুলি সমষ্টিবাসীয়ে অভিযোগ কৰিছে ৷ ইপিনে সভাই সমিতিয়ে দূৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিব বুলি ৰাইজক দেখুৱাবলৈ ভাষন আওঁৰোৱা বিধায়িকা আঙুৰলতা ডেকাৰ এই দূৰ্নীতি অনিয়মৰ ক্ষেত্ৰত নিৰৱ ভূমিকাতো ঠিকাদাৰেৰে বুজা-বুজিৰ ৰহস্যৰ গোন্ধ পাইছে ৰাইজে ৷

সেয়েহে শিঘ্ৰে নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুসহিতে উৰ্দ্ধতন কতৃপক্ষক চৰজমীন তদন্তক্ৰমে  ঠিকাদাৰ খগেন গায়নৰ লগতে দায়িত্বপ্ৰাপ্ত বিষয়া অভিযন্তাৰ বিৰুদ্ধে জৰুৰী ব্যৱস্থা গ্ৰহনৰ লগতে অতি সোনকালে বিদ্যালয়খনৰ ছাত্ৰী-শিক্ষয়িত্ৰীসকলৰ সকলোধৰনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে ৰাইজে ৷