09
Oct
2018

newsnextone.com। বঢ়হমপুৰঃ ৰূপহীহাটত তিনিগৰাকী NRC কৰ্মচাৰী আটক কৰা হৈছে। চক্ৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে উত্তৰ খাটোৱাল NRCৰ ৩কৰ্মচাৰীক। উত্তৰ খাটোৱাল NRCৰ এলেকাধীন এটি পৰিয়ালৰ গুণগত মান নিৰ্ণয় কৰি নাকচ কৰা গুৰুত্বপূৰ্ণ নথি চুৰি কৰাৰ অভিযোগত আটক ইদ্ৰিছ আলী, নুৰ আহমদ আৰু বাছিদুল হাছান নামৰ কৰ্মচাৰী কেইজন। ইয়াৰে আটকাধীন নুৰ আহমদ আৰু ইদ্ৰিছ আলী শিক্ষক হোৱাৰ বিপৰীতে বাছিদুল হাছান NRC সেৱা কেন্দ্ৰটোৰ কম্পিউটাৰ সহায়ক। চক্ৰ বিষয়াই নাকচ কৰা নথি চুৰি কৰি অবৈধ উপায়েৰে NRC-ৰ খছৰাত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত তিনিওকে আটক কৰে ৰূপহীহাট আৰক্ষীয়ে৷ ইতিনধ্যে ৰূপহীহাট আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে৷